ETV Bharat / state

অসম ৰাজ্যিক জমিয়তৰ কম্বল বিতৰণত দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Jan 11, 2021, 4:10 PM IST

ধুবুৰীত অসম ৰাজ্যিক জমিয়তৰ দ্বাৰা কম্বল বিতৰণ কাৰ্যত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ। গোসাঁইগাঁৱত জিলা জমিয়তৰ কৰ্মকৰ্তাৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ। জিলা জমিয়তৰ সাধাৰণ সম্পাদক আব্দুল হাচিবে অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে।

অসম ৰাজ্যিক জমিয়তৰ কম্বল বিতৰণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ

ধুবুৰী,১১ জানুৱাৰী: ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা দৰিদ্ৰ ৰাইজলৈ সহায়ৰ হাত আগবঢ়াই আহিছে জমিয়তে। কিন্তু একাংশ দুৰ্নীতিগ্ৰস্ত নেতা-কৰ্মীয়ে এতিয়া জমিয়তৰ নামত কালিমা সানিছে । যাৰ বাবে সাধাৰণ ৰাইজে আস্থা হেৰুৱাইছে । শেহতীয়াকৈ স্বেচ্ছাসেৱী সংস্থা মাৰ্কাজুল মাৰিফৰ অধীনত থকা দিবা মুক্তাবসমূহত কণ কণ ছাত্ৰ-ছাত্ৰীক ইছলামিক শিক্ষা দিয়া শিক্ষকসকলৰ বাবে অসম ৰাজ্যিক জমিয়তে এখনকৈ কম্বল বিতৰণৰ ব্যৱস্থা কৰে।

কিন্তু গোসাঁইগাঁও জিলা জমিয়তৰ সাধাৰণ সম্পাদক আব্দুল হাচিবে এই শিক্ষকসকলৰ পৰা ১ হাজাৰকৈ টকা বিচৰাত সকলোৱে জাঙুৰ খাই উঠিছে । ইপিনে,জমিয়তে এমাহ পূৰ্বে দিয়া কম্বলসমূহ বিতৰণ কৰাৰ পৰিৱৰ্তে সাধাৰণ সম্পাদকগৰাকীয়ে নিজৰ ক্ষমতাৰ বলত নিজৰ ওচৰতে মজুত কৰি ৰখাত ৰাইজ ক্ষুদ্ধ হৈ পৰিছে । গোসাঁইগাঁও জিলা জমিয়তৰ সাধাৰণ সম্পাদক আব্দুল হাচিবে পূৰ্বেও এনে ঘটনা সংঘটিত কৰাৰ অভিযোগ তুলি সম্পাদকৰ পদৰ পৰা অনাস্থা প্ৰস্তাৱযোগে তেওঁক আঁতৰোৱা হয় যদিও অসম জমিয়তৰ একাংশ সদস্যই গোপন বুজা-বুজিৰে তেওঁক পুনৰ সম্পাদকৰ পদত নিয়োগ কৰে বুলি অভিয়োগ তুলিছে ৰাইজে ।

আনহাতে,এনে দুৰ্নীতিগ্ৰস্ত ব্যক্তি জমিয়তৰ লগত জড়িত থাকিলে জমিয়তৰ ভাৱমূৰ্তি বিনষ্ট হোৱাটো নিশ্চিত হৈ পৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় লোকসকলে। শীঘ্ৰেই এই দুৰ্নীতিৰ আঁৰত থকা ব্যক্তিক উচিত শাস্তি প্ৰদান কৰিবলৈও ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক:আৰু এটা নতুন ৰাজনৈতিক দলঃ নেতৃত্বত মহন্ত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.