ধুবুৰী, 25 মাৰ্চ : ধুবুৰীত পাৰ্শ্বৱৰ্তী শিমলাকান্দি তৃতীয় খণ্ড গাঁৱত দেওবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ মাটিৰ আলি খহি খেলি থকা অৱস্থাত মৃত্যু হয় এটি কণমানি শিশুৰ ৷
ঘটনাৰ বিৱৰণী অনুসৰি দেওবাৰে অঞ্চলটোৰ কণ কণ শিশু কেইটামানে গাওঁখনৰ পুখুৰী সদৃশ এটা দ গাতৰ কাষতখেলি থকা অৱস্থাতগাতটোৰ গৰা খহি পৰে ফলতদুটিকৈশিশু মাটিত পোত যায় ৷ অৱশ্যে ঘটনাটোৰ বিষয়ে অৱগত হৈ একাংশ ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ মাটি খান্দি শিশু দুটাক উদ্ধাৰ কৰি ততাতৈয়াকৈ ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ কিন্তু ইয়াৰে আৰিফুল ইছলাম নামৰ শিশুটিক চিকিৎসকে মৃত ঘোষণা কৰে ৷ আনহাতে আন এটি শিশু ওচমান গণি বৰ্তমান চিকিৎসালয়খনত চিকিৎসাধীন অৱস্থাত আছে ৷