পূৱ বিলাসীপাৰা,২৭ এপ্ৰিল: সমগ্ৰ ৰাজ্যতে কৰ'ণাৰ ভয়ংকৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে । তাৰ মাজতে ধুবুৰী জিলাৰ চাপৰৰ পৰা আহিছে এটা দুঃখবৰ । পূৱ বিলাসীপাৰাৰ চাপৰত কৰ'ণাত আক্ৰান্ত হৈ এগৰাকী মহিলাই মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় । মৃত্যু হোৱা মহিলা গৰাকী চাপৰৰ শান্তিপুৰৰ বাসিন্দা ভনিতা নাথ বুলি জানিব পৰা গৈছে ।
যোৱা ২৬ এপ্ৰিলত বৰপেটা মেডিকেল কলেজ হাস্পতালত বৃক্ক ৰোগৰ চিকিৎসাৰ বাবে গৈছিল মহিলা গৰাকী । চিকিৎসাৰ পূৰ্বে ক'ভিড পৰীক্ষাত তেওঁৰ দেহত ধৰা পৰে মাৰাত্মক ক'ভিড-১৯ ৰ অৱস্থিতি । কিন্তু লক্ষণীয়ভাৱে মঙলবাৰে পুৱা বৰপেটা মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় মহিলাগৰাকীৰ ।
লগতে পঢ়ক: কলিয়াবৰত নতুনকৈ ১৪ গৰাকী লোক কৰ'ণাত আক্ৰান্ত