ETV Bharat / state

ভাৰত-বাংলা সীমান্তত অব্যাহত পশুধনৰ চোৰাং ব্যৱসায় - ট্ৰেনজিট পইণ্ট

ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ ভাৰত-বাংলা সীমান্তৰে অব্যাহত আছে পশুধনৰ চোৰাং ব্যৱসায় ৷ ধুবুৰীৰ গৌৰীপুৰক ট্ৰেনজিট পইণ্ট হিচাপে লৈ একাংশ গো-মাফিয়াই চলাই আছে গৰুৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায় । আৰক্ষীৰ সৈতে বুজাবুজিৰ ভিত্তিত বাংলাদেশলৈ চালান দিয়া হৈছে জাকে জাকে পশুধন ।

Cattle sumgling at Dhubri Assam Etv Bharat News
পশুধনৰ চোৰাং ব্যৱসায়
author img

By

Published : Feb 19, 2020, 6:25 PM IST

ধুবুৰী,16 ফেব্ৰুৱাৰীঃ ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ ভাৰত-বাংলা সীমান্তৰে অব্যাহত আছে পশুধনৰ চোৰাং ব্যৱসায় ৷ ধুবুৰীৰ গৌৰীপুৰক ট্ৰেনজিট পইণ্ট হিচাপে লৈ একাংশ গো-মাফিয়াই চলাই আছে গৰুৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায় । অভিযোগ অনুসৰি, আৰক্ষীৰ সৈতে বুজাবুজিৰ ভিত্তিত বাংলাদেশলৈ চালান দিয়া হৈছে জাকে জাকে পশুধন । যাৰ ফলত বন্দুক এৰি লাঠীলৈ গৰু খেদি ফুৰিবলগীয়া হৈছে সীমান্ত সুৰক্ষাৰ দায়িত্বত থকা বি এছ এফৰ জোৱানসকল ।

Cattle sumgling at Dhubri Assam Etv Bharat News
ভাৰত-বাংলা সীমান্তৰে অব্যাহত এই ব্যৱসায়

ঘটনাৰ বিৱৰণী অনুসৰি, বিহাৰ, উত্তৰ প্ৰদেশ আদি বিভিন্ন ৰাজ্যৰ পৰা অনা উন্নত জাতৰ গৰু-ম’হৰ উপৰিও অসমৰ থলুৱা গৰু-ম’হ ট্ৰাকেৰে অসম-বংগ সীমান্তৰ ছাগলীয়া হৈ ধুবুৰীলৈ অনা হয় । তাৰপিছত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এই ট্ৰাকসমূহ আনি গৌৰীপুৰৰ একাংশ নিৰ্দিষ্ট স্থানত ৰখাই পশুধনসমূহ নমাই গৌৰীপুৰ আৰক্ষী থানা, বন্দিহানা আৰক্ষী চকী এলেকাৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পাৰঘাটৰ বিভিন্ন অঞ্চলত জমা কৰা হয় ৷ তাৰপৰা নাৱেৰে ফকিৰগঞ্জ আৰক্ষী থানা আৰু দক্ষিণ শালমাৰা আৰক্ষী থানা এলেকাৰ বিভিন্ন অঞ্চলত নমোৱা হয় পশুধনসমূহ । খৰালি সময়ত ব্ৰহ্মপুত্ৰৰ পানী কমি অহাৰ ফলত পশুধনসমূহ ব্ৰহ্মপুত্ৰৰ বালিচৰেৰে পাৰ কৰাই নিয়া হয় ৷ সীমান্তত বি এছ এফ জোৱান থকা-নথকাৰ তথ্য সংগ্ৰহ কৰি সুযোগ বুজি চোৰাং ব্যৱয়াসীসকলে বাংলাদেশলৈ চালান দিয়ে এনেধৰণৰ চোৰাং গৰুৰ লগতে অন্য পশুধনসমূহ ।

লক্ষণীয় বিষয় যে,অসম-বংগ সীমান্তৰ ছাগলীয়াৰ পৰা গৌৰীপুৰ হৈ বন্দিহানা,ফকিৰগঞ্জ আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন আৰক্ষী থানাৰ সন্মুখেৰে নিয়া এই গৰুৰ জাক সমূহ সাংবাদিকৰ কেমেৰাত ধৰা দিলেও ধৰা নপৰে আৰক্ষীৰ চকুত ৷ অভিযোগ অনুসৰি, গৌৰীপুৰৰ কেইগৰাকীমান গো-মাফিয়াৰে বুজাবুজিৰ ভিত্তিত ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ আৰক্ষীয়ে গৰুৰ এই ভয়াৱহ চোৰাং ব্যৱসায়ৰ প্ৰতি সেউজ সংকেট প্ৰদান কৰি আহিছে । মাজে সময়ে আৰক্ষীয়ে নাটকীয়ভাৱে একাংশ চোৰাং বেপাৰীক আটক কৰিছে যদিওঁ ছিণ্ডিকেট মাষ্টৰ হিচাপে পৰিচিত ব্যৱসায়ীসকল আৰক্ষীৰ বুকুৰ কুটুম হৈ আছে । যাৰ বিৰুদ্ধে গোচৰ ৰুজু হলেও আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পৰিৱৰ্তে ওলোটাই ৰক্ষণাবেক্ষণহে দিয়ে ৷

পশুধনৰ চোৰাং ব্যৱসায়

উল্লেখ্য যে, বিগত বৰ্ষৰ 5 মাৰ্চত তদানীন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ধুবুৰীৰ ভাৰত-বাংলা সীমান্তত উপস্থিত হৈ ব’ল্ড কিউট পদ্ধতিৰে চিআইবিএমএছ (Comprehensive Integrated Border Management System) নামৰ অভিলাষী আঁচনিখনৰ শুভ উদ্বোধন কৰিছিল । আঁচনিখনৰ অধীনত জল সীমান্তত চেঞ্চৰযুক্ত চলাৰ চিষ্টেম আৰু ৰাডাৰ অপ্টিকেল ফাইবাৰ চিষ্টেমৰ লগতে উচ্চক্ষমতা সম্পন্ন কেমেৰা আৰু ড্ৰোণ কেমেৰাৰ ব্যৱস্থা কৰিছিল । কোটিটকীয়া আঁচনি ৰূপায়ণেৰে সুদীৰ্ঘ বছৰে উন্মুক্ত হৈ থকা ধুবুৰী আৰু দক্ষিণ শালমাৰা ভাৰত-বাংলা স্থল আৰু জল সীমান্ত সম্পূৰ্ণৰূপে ছীল হোৱা বুলি ঘোষণা কৰিছিল তদানীন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে । কিন্তু সীমান্তত এনে উন্নত মানদণ্ডৰ ব্যৱস্থাপনা থকাৰ পিছতো এতিয়া সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে । সীমান্তত বি এছ এফ বিভিন্ন সময়ত শ শ চোৰাং গৰু মহ জব্দ কৰিছে যদিয়ো বন্ধ কৰিব পৰা নাই এই চোৰাং কাৰবাৰ ।

ধুবুৰীৰ গৌৰীপুৰ গৰু ব্যৱসায়ৰ ট্ৰেনজিট পইণ্ট

অসম আৰক্ষীৰ ৰহস্যজনক ভূমিকাৰ বাবে ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ সীমান্তত আজিকোপতি বন্ধ হোৱা নাই পশুধনৰ ভয়াবহ চোৰাং ব্যৱসায় । এইক্ষেত্ৰত চোৰাং কাৰবাৰ বন্ধৰ শ্লোগান দিয়া ৰাজ্যিক আৰু কেন্দ্ৰীয় বিজেপি চৰকাৰখনেয়ো নীৰৱ ভূমিকা পালন কৰিছে ।

লগতে চাওকঃবঙাইগাঁৱত নামনিমুৱা ত্ৰিবান্দ্ৰম এক্সপ্ৰেছৰ খুন্দাত থিতাতে নিহত দম্পতী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.