ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ বুকুত ক্ষুব্ধ জনতাই ডুবালে আৰক্ষীৰ নাও - চোৰাং গৰুৰ সৰবৰাহ

শনিবাৰে ধুবুৰীৰ কাতলামাৰী এলেকাত ক্ষুদ্ধ জনতাই ব্ৰহ্মপুত্ৰৰ বুকুত বুৰাই দিয়ে আৰক্ষীৰ এখন নাও ৷ আৰক্ষীৰ দলটোৱে চোৰাং গৰু জব্দ কৰিবলৈ যোৱাৰ পাচতেই ৰাইজৰ সৈতে খণ্ডযুদ্ধ ৷ কথমপি প্ৰাণ ৰক্ষা আৰক্ষীৰ দলটোৰ ৷

cattle smuggling incident
ব্ৰহ্মপুত্ৰৰ বুকুত ক্ষুব্ধ জনতাই ডুবালে আৰক্ষীৰ নাও
author img

By

Published : Dec 26, 2020, 12:42 PM IST

Updated : Dec 26, 2020, 1:08 PM IST

ধুবুৰী,26 ডিচেম্বৰ : ধুবুৰীত শনিবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত ৰাইজে ডুবালে আৰক্ষীৰ নাও । জিলাখনৰ কাতলামাৰী এলেকাত ক্ষুদ্ধ জনতাই লুইতত বুৰালে আৰক্ষীৰ নাও। চোৰাং গৰু জব্দ কৰিবলৈ যোৱাৰ পাচতেই ৰাইজৰ সৈতে খণ্ডযুদ্ধ আৰক্ষীৰ । ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ধুবুৰী জিলাত সৃষ্টি হৈছে তীব্র প্ৰতিক্ৰিয়াৰ ৷

ঘটনা অনুসৰি, ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাত ব্ৰহ্মপুত্ৰৰ বুকুৱেদি চলিছে চোৰাং গৰুৰ সৰবৰাহ। চোৰাং গৰু জব্দ কৰিবলৈ যোৱা আৰক্ষী পৰিল ৰাইজৰ ৰোষত । ৰাইজ আৰু আৰক্ষীৰে হোৱা তীব্ৰ বাক-বিতণ্ডাৰ চৰম পৰ্যায় পোৱাৰ পাচতে ক্ষুব্ধ লোকে আৰক্ষীৰ যন্ত্ৰচালিত নাও ব্ৰহ্মপুত্ৰত ডুবাই দিয়ে ৷

ব্ৰহ্মপুত্ৰৰ বুকুত ক্ষুব্ধ জনতাই ডুবালে আৰক্ষীৰ নাও

চোৰাং গৰু সৰবৰাহৰ খবৰ পাই ধুবুৰীৰ পৰা এটা আৰক্ষীৰ দল ব্ৰহ্মপুত্ৰ নদীৰে কাতলামাৰীত উপস্থিত হয় । আৰক্ষীৰ দলটোৱে স্থানীয় লোকৰ গৰু জব্দ কৰিবলৈ যোৱা বুলি প্ৰচাৰ হোৱাৰ পাচতে গাঁওখনৰ সহস্ৰাধিক লোক নদীৰ পাৰত সমবেত হয় আৰু আৰক্ষীয়ে লৈ যোৱা যন্ত্ৰচালিত নাওখন নদীত বুৰাই দিয়ে । অৱশ্যে নাওখনত থকা আৰক্ষীৰ দলটো কথমপি প্ৰাণ ৰক্ষা পৰে ।

এই খবৰ পাই স্থানীয় গাঁওৰক্ষী বাহিনী, ফকিৰগঞ্জ আৰক্ষী বিষয়া আৰু বন্দিহানা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । জানিব পৰা মতে, আৰক্ষীৰ দলটোৱে ডাঠ কুঁৱলিৰ বাবে দিশ হেৰুৱাই কাতলামাৰীত যোৱা বুলি উল্লেখ কৰে । কেইদিনমান পূৰ্বে কাতলামাৰীৰ পৰাই আন এখন গৰুসহ নাও জব্দ কৰা হৈছিল ।

লগতে পঢ়ক : জোৰশিমলুত 100 কাৰ্টন চোৰাং মিঠাতেল জব্দ

Last Updated : Dec 26, 2020, 1:08 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.