ETV Bharat / state

Encounter in Dhubri: ধুবুৰীত আৰক্ষীৰ গুলীত আহত গৰুৰ চোৰাং সৰবৰাহকাৰী

author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 10:04 PM IST

ধুবুৰীত আৰক্ষীৰ গুলীচালনা ৷ গো-সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা ৷ আৰক্ষীৰ গুলীত আহত গো-সৰবৰাহকাৰী চৈয়দ আলী ৷

Encounter Incident in Dhubri:
ধুবুৰীত এনকাউন্টাৰৰ ঘটনা

ধুবুৰী, 5 নৱেম্বৰ: ৰাজ্যত সক্ৰিয় হৈ আছে গৰুৰ চোৰাং সৰবৰাহ । গো-সুৰক্ষা আইনলৈ পিঠি দি একাংশ সৰবৰাহকাৰীয়ে বালাংদেশলৈ চোৰাংভাৱে গৰু সৰবৰাহ কৰি আহিছে ৷ দেওবাৰে পুৱাৰ ভাগত ধুবুৰীৰ তামাৰহাটত আৰক্ষীয়ে গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান চলায় ৷ অভিযানত জব্দ 8 টাকৈ চোৰাংভাৱে অনা গৰু ৷ লগতে আটক কৰা হয় তিনি সৰবৰাহকাৰীক ৷

গৰুৰ চোৰাং সৰবৰাহকাৰীলৈ লক্ষ্য কৰি ধুবুৰীৰ তামাৰহাট আৰক্ষীয়ে চলাব লগীয়া হ’ল গুলী । আৰক্ষীৰ গুলীত আহত হয় এটা গো-সৰবৰাহকাৰী । ইফালে গুলীবিদ্ধ গো-সৰবৰাহকাৰীটোক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

ঘটনা অনুসৰি, আজি পুৱাৰ ভাগত ধুবুৰীৰ তামাৰহাট আৰক্ষীৰ এটা দলে ধুতুৰামাৰী অঞ্চলত অভিযান চলাই ৷ অভিযানৰ সময়ত জব্দ কৰিছিল AS17 C 2518 নম্বৰৰ এখন গৰু ভৰ্তি বাহন । বাহনখনত চোৰাংভাৱে অনা 8 টাকৈ গৰু আছিল । তদুপৰিও পথ নিৰ্দেশকৰ ভূমিকা গ্ৰহণ কৰা AS16 K 6727 নম্বৰৰ আন এখন চাৰিচকীয়া বাহনো জব্দ কৰিছিল আৰক্ষীয়ে ।

8 টাকৈ চোৰাংভাৱে অনা গৰু, দুখনকৈ বাহনৰ লগতে মিজানুৰ ৰহমান মিঞা, চাহাবৰ পৰামণিক আৰু চৈয়দ আলী নামৰ তিনিজনকৈ লোকক অভিযানত আটক কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে । ইয়াৰে চৈয়দ আলী নামৰ সৰবৰাহকাৰীজনে আৰক্ষীক আক্ৰমণ কৰি আৰক্ষীৰ বেষ্টনীৰ পৰা পলাই যাবলৈ চেষ্টা কৰে । আৰক্ষীয়ে বাধা দিছিল যদিও সৰবৰাহকাৰীটো পলাবলৈ চেষ্টা কৰে ৷ ফলত সৰবৰাহকাৰীটোলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে ।

চৈয়দ আলিৰ মূৰ আৰু কঁকালত আৰক্ষীৰ গুলী লাগে ৷ ইফালে আহত আলিক উন্নত চিকিৎসাৰ বাবে গুৱাহীলৈ প্ৰেৰণ কৰে ৷ বৰ্তমান গো-সৰবৰাহকাৰী চৈয়দ আলীৰ অৱস্থা অধিক সংকটজনক বুলি জানিব পৰা গৈছে । আহত গো-সৰবৰাহকাৰী চৈয়দ আলি তামাৰহাটৰ পোকালাগী গাঁৱৰ বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Wazed Ali Choudhury on Badruddin Ajmal; বদৰুদ্দিন আজমল মানসিক বিকাৰগ্ৰস্ত ব্যক্তি : ৱাজেদ আলী চৌধুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.