ETV Bharat / state

নাও দুৰ্ঘটনাত মৃত্যু আঠটাকৈ গৰুৰ - নাও দুৰ্ঘটনা

বানৰ পৰা ৰক্ষা পাবলৈ ওখ ঠাইলৈ নাও যোগে গৰু লৈ যোৱাৰ সময়তে সংঘটিত হয় নাও দুৰ্ঘটনা ৷

নাও দুৰ্ঘটনাত মৃত্যু আঠটাকৈ গৰুৰ
author img

By

Published : Jul 16, 2019, 7:55 AM IST

ধুবুৰী,16 জুলাইঃ ভয়াৱহ বান পৰিস্থিতিৰ মাজতে ধুবুৰীৰ ফকিৰগঞ্জত নাও দুৰ্ঘটনা ৷ দুৰ্ঘটনাত মৃত্যু আঠটাকৈ গৰুৰ ৷ ধুবুৰীৰ ফকিৰগঞ্জৰ পামপাৰা চতলাৰপাৰ গাওঁ পঞ্চায়ত বৰ কলিয়াগলাদিঘী গাঁৱত সংঘটিত হয় এই দুৰ্ঘটনা ৷ বানপানীয়ে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ফকিৰগঞ্জৰ বহু গো-পালকৰ মাজত ৷ বানৰ কবলত পৰাৰ বাবে আব্দুছ ছামাদ আৰু চুৰত জামাল নামৰ দুজন ব্যক্তিয়ে আঠটাকৈ গৰু ওখ ঠাইলৈ নিয়াৰ বাবে বিভিন্নজনৰ সৈতে যোগাযোগ কৰিও কোনোধৰণৰ সঁহাৰি লাভ নকৰাত টুলুঙা নাৱেৰে গৰু কেইটা ওখ ঠাইলৈ নিয়াৰ ব্যৱস্থা কৰে ৷ সৰু টুলুঙা নাওখনে পানীৰ সোঁতত ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি পানীত ডুব যায় ৷ ফলত মৃত্যু হয় আঠটাকৈ গৰুৰ ৷ এই ঘটনাই এতিয়া অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ উল্লেখযোগ্য যে,জিলা প্ৰশাসনৰ ফালৰ পৰা পশুধন কেইটাক সময় মতে উদ্ধাৰ কৰা হ'লে এই দুৰ্ঘটনাৰ পৰা পশুধন কেইটা ৰক্ষা পালেহেতেন বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে ৷

Intro:ভয়াৱহ বান পৰিস্থিতিৰ মাজতে ধুবুৰীৰ ফকিৰগঞ্জত নাওঁ দুৰ্ঘটনা হৈ নিহত হয় আঠটাকৈ গৰু।Body:
বানৰ মাজতে ধুবুৰীৰ ফকিৰগঞ্জৰ পামপাৰা চতলাৰপাৰ গাওঁ পঞ্চায়ত বৰ কলিয়া গলাদিঘী গাঁৱত অঘটন। গাঁওখনৰ আব্দুছ ছামাদৰ আৰু ছুৰুদ জামালৰ মুঠ ৮ টা গৰু নাওঁ দুৰ্ঘটনাত মৃত্যু হয়। জানিব পৰামতে বানৰ কবলত পৰা ফকিৰগঞ্জৰ বহু গো পালক সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। ইপিনে বানত কবলত পৰা আব্দুছ ছামাদ আৰু চুৰত জামালৰ মুঠ আঠ টা গৰু ওখ ঠাইলৈ নিয়াৰ বাবে বিভিন্ন জনৰ সৈতে যোগাযোগ কৰিও কোনো সঁহাৰি নাপাই নিজেই এখন টুলুঙা নাওঁত আঠটা কৈ গৰু ওখ ঠাইলৈ নিয়াৰ বাবে চেষ্টা কৰে। এনেতে সৰু টুলুঙা নাওঁখন বানৰ বাঢ়নি পানীত ডুব যায়। ফলত নাওঁ খনত থকা আঠটাকৈ গৰু নিহত হয়। এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ।Conclusion: উল্লেখযোগ্য যে, জিলা প্ৰশাসনৰ ফালৰ পৰা পশুধন কেইটাক সময় মতে উদ্ধাৰ কৰা হলে এই দুৰ্ঘটনাৰ পৰা পশুধন কেইটা ৰক্ষা পালেহেঁতেন বুলি ধাৰণা কৰিছে স্থানীয় ৰাইজে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.