ETV Bharat / state

ৰাজ্যত অব্যাহত ব্ৰইলাৰ ছিণ্ডিকেট

author img

By

Published : Apr 8, 2021, 9:38 PM IST

ৰাজ্যত অব্যাহত আছে ব্ৰইলাৰ ছিণ্ডিকেট । ধুবুৰীত নিতৌ প্ৰৱেশ বহি: ৰাজ্যৰ ব্ৰইলাৰ মুৰ্গী ভৰ্তি ট্ৰাক । অসম-বংগ সীমান্তৰ ছাগলীয়া আৰু বিভিন্ন বক্ৰ পথেদি শ-শ ব্ৰইলাৰ মুৰ্গীৰ গাড়ী প্ৰতিদিনে অসমত প্ৰবেশ কৰি সৰবৰাহ হয় ৰাজ্যৰ বিভিন্ন জিলালৈ । ব্ৰইলাৰ মুৰ্গীক লৈ অসম বংগ সীমান্তত গঢ়ি উঠিছে বৃহৎ ছিণ্ডিকেট ।

broiler-syndicate
ৰাজ্যত অব্যাহত ব্ৰইলাৰ ছিণ্ডিকেট

ধুবুৰী,8 এপ্ৰিল : ৰাজ্যত অব্যাহত আছে ব্ৰইলাৰ ছিণ্ডিকেট । ধুবুৰীত নিতৌ প্ৰৱেশ বহি:ৰাজ্যৰ ব্ৰইলাৰ মুৰ্গী ভৰ্তি ট্ৰাক । অসম-বংগ সীমান্তৰ ছাগলীয়া আৰু বিভিন্ন বক্ৰ পথেদি শ-শ ব্ৰইলাৰ মুৰ্গীৰ গাড়ী প্ৰতিদিনে অসমত প্ৰবেশ কৰি সৰবৰাহ হয় ৰাজ্যৰ বিভিন্ন জিলালৈ । ব্ৰইলাৰ মুৰ্গীক লৈ অসম বংগ সীমান্তত গঢ়ি উঠিছে বৃহৎ ছিণ্ডিকেট ।

ৰাজ্যত অব্যাহত ব্ৰইলাৰ ছিণ্ডিকেট

পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ তৎপৰতাত বগৰীবাৰীত জব্দ সাত খনকৈ ব্ৰইলাৰ ভৰ্তি বলেৰ' পিক আপ ভান । AS 18 AC-1965, AS18 AC-2690, AS18 AC-0482, AS18 AC 1968, AS18 AC 1968, AS18AC-0499 নম্বৰ সহ মুঠ সাতখনকৈ ব্ৰইলাৰ গাড়ী জব্দ কৰে বগৰীবাৰী আৰক্ষীয়ে । প্ৰতিখন ব্ৰইলাৰ গাড়ী অসমত প্ৰৱেশ কৰাৰ নামত মোটা অংকৰ ধন সংগ্ৰহৰ অভিযোগ জিলা পশু চিকিৎসা বিষয়াৰ বিৰূদ্ধে । ছিণ্ডিকেট চক্ৰ তথা দালাল চক্ৰই প্ৰতিখন গাড়ীৰ পৰা ৩০-৪০ হাজাৰ টকা লৈ একাংশ আৰক্ষী আৰু পশু চিকিৎসা বিষয়াক মেনেজ কৰি পাৰ কৰায় শ শ ব্ৰইলাৰ ভৰ্তি ট্ৰাক । ৰাজ্যত নিষেধাজ্ঞা থকা সত্বেও এনেদৰে বহি: ৰাজ্যৰপৰা ব্ৰইলাৰ ভৰ্তি গাড়ীকেইখন ধুবুৰী জিলাৰ কেইবাখনো আৰক্ষী থানা পাৰ হৈ যোৱাৰ পিছতো কোকৰাঝাৰ জিলাৰ বগৰীবাৰী আৰক্ষী থানাত জব্দ হোৱা কাৰ্যই ধুবুৰী আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপিত হৈছে ।

লগতে পঢ়ক :বাক্সা আৰক্ষীয়ে সম্বৰ্ধনা জনালে ঝাৰখণ্ড আৰক্ষীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.