ETV Bharat / state

চেঙাজানত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন এমএচিৰ প্ৰতিনিধি দলৰ

author img

By

Published : May 24, 2021, 2:23 PM IST

চেঙাজানৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদ প্ৰতিনিধি দলে ৷ জোনাই মহকুমাৰ বান-খহনীয়াৰ সমস্যা সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰীৰ সৈতে যাৱতীয় আলোচনা কৰিব বুলিও মন্তব্য কৰে কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙে ।

চেঙাজানৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন এমএচিৰ প্ৰতিনিধি দলৰ

জোনাই,24 মে': সোমবাৰে 144 নং জোনাই বিধানসভা সমষ্টিৰ চমকং গাঁও পঞ্চায়তৰ চেঙাজানত চলি থকা ব্ৰহ্মপুত্ৰৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙে ।

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী, ভৱানী দুৱৰাৰ সৈতে চেঙাজান ফেৰীঘাট ঘাটৰ পৰা মেচিন নাৱেৰে গৈ চাৰিদিন পূৰ্বৰ পৰাই বিধ্বংসী ৰূপ লোৱা চেঙাজান গোৱালা গাঁৱৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া অঞ্চলত উপস্থিত হয় এমএচিৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী সদস্য গৰাকী ।

মিচিং স্বায়ত্ব শাসিত পৰিষদ চমুকৈ এমএচিৰ দুয়োগৰাকী পাৰিষদসহ চেঙাজানৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া এলেকা পৰিদৰ্শন কৰাৰ লগতে এমএচিৰ জলসম্পদ বিভাগৰ পাৰিষদ গৰাকীয়ে চেঙাজান গোৱালা গাঁৱৰ ইন্দিৰা হিন্দী প্ৰাথমিক বিদ্যালয়ত স্থানীয় ভুক্তভোগী ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ।

এই সভাতে এমএচিৰ জলসম্পদ বিভাগৰ ইএম নৰেশ কুম্বাঙে মন্তব্য কৰে যে, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ বৃহৎ পুঁজিৰ অভাৱ হোৱা হেতুকে চেঙাজানৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে বৃহৎ আঁচনি হাতত ল'বলৈ সক্ষম নহয় ৷ কিন্তু এমএচিৰ মুখ্য কাৰ্যবাহী সদস্যৰ সৈতে আলোচনা কৰি ইয়াৰ তাৎক্ষণিক নিয়ন্ত্ৰণৰ বাবে যৎপৰোনাস্তি চেষ্টা চলোৱা হ'ব ৷ জোনাই মহকুমাৰ বান-খহনীয়াৰ সমস্যাৰ সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰীৰ সৈতে যাৱতীয় আলোচনা কৰিব বুলিও মন্তব্য কৰে ইএম নৰেশ কুম্বাঙে ।

উল্লেখ্য যে, এটা দশকৰ পৰা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰি চেঙাজান গোৱালা গাঁৱৰ ডেৰকুৰিৰো অধিক কৃষিজীৱী পৰিয়ালৰ ঘৰবাৰী, ভেটি উছন হৈছে । বিগত কেইদিনমানৰ পৰা তীব্ৰ ৰূপ ধাৰণ কৰা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ প্ৰতিৰোধৰ পদক্ষেপ হাতত নল'লে চেঙাজান গোৱালা গাঁৱৰ সত্য নাৰায়ণ মালা, বৰকা মালা, কাশী যাদৱ, ৰামলাল যাদৱ, ৰাজেন্দ্ৰ যাদৱ, সিউজী যাদৱ, ৰামায়ণ যাদৱ, জৈন যাদৱ, ৰামনিৱাস যাদৱ, ৰাজদেউ যাদৱৰ ঘৰ-ভেঁটিৰ লগতে চেঙাজান ইন্দিৰা হিন্দী এলপি স্কুল, চেঙাজান অংগনবাদী কেন্দ্ৰ, কালী মন্দিৰ, শিৱ মন্দিৰ, গণেশ মন্দিৰ, চেঙাজান ৰাজহুৱা ভৱন আদি নদীৰ বুকুত জাহ যোৱাৰ শংকা প্ৰকট হৈ উঠিছে ৷

লগতে পঢ়ক: তিনিচুকীয়াৰ চিৰাপট্টিত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.