ETV Bharat / state

বিলাসীপাৰাত সংঘটিত নাও দুৰ্ঘটনাত সন্ধানহীন যুৱক

author img

By

Published : Aug 31, 2020, 7:45 AM IST

দেওবাৰে নিশা বিলাসীপাৰাৰ গৌৰাং নৈত সংঘটিত নাও দুৰ্ঘটনাৰ পাচত বৰ্তমানেও সন্ধানহীন হৈ আছে এগৰাকী যুৱক ৷ যুৱকগৰাকী বিলাসীপাৰাৰ নায়েৰ আলগা ২য় খণ্ডৰ চুনাৰীপাৰাৰ বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷

সন্ধানহীন যুৱক
সন্ধানহীন যুৱক

বিলাসীপাৰা, 31 আগষ্ট: দেওবাৰে নিশা বিলাসীপাৰাৰ গৌৰাং নৈত সংঘটিত হয় নাও দুৰ্ঘটনা ৷ যন্ত্ৰ চালিত নাও এখন দুৰ্ঘটনাত পতিত হোৱাৰ পাচতে নৈত পৰি সন্ধানহীন হৈ আছিল হাবেজ আলী আৰু ৰেজ্জাক আলী নামৰ দুগৰাকী লোক ৷ দুয়োগৰাকী পিতা-পুত্ৰ আছিল বুলি জানিব পৰা গৈছে ৷ ঘটনা সংঘটিত হোৱাৰ কিছু সময় পাচতে পিতৃ হাবেজ আলীক জীৱন্তে উদ্ধাৰ কৰা হয় যদিও, এই পৰ্যন্ত সন্ধানহীন হৈ আছে পুত্ৰ ৰেজ্জাক আলী ৷

বিলাসীপাৰাত সংঘটিত নাও দুৰ্ঘটনাত সন্ধানহীন যুৱক

উল্লেখ্য যে, দুয়ো পিতা-পুত্ৰই দেওবাৰে নিশা বগৰীবাৰীৰ শালবাৰীত বজাৰ কৰি নাও খনেৰে ৰাওনা হৈছিল গৃহ অভিমুখে ৷ ঘৰলৈ গৈ থকা অৱস্থাতে নায়েৰ আলগা 3য় খণ্ড পাৰ ঘাটত সংঘটিত হয় দুৰ্ঘটনাটো ৷ পাৰঘাটত বান্ধি থোৱা ৰচীত তীব্ৰ বেগত খুন্দা খাই নৈ নাওখন দুৰ্ঘটনাত পতিত হয় বুলি উল্লেখ কৰে স্থানীয় ৰাইজে ৷ বৰ্তমানেও সন্ধানহীন ৰেজ্জাক আলীৰ সন্ধানত স্থানীয় ৰাইজে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷

লগতে পঢ়ক: বাক্সাত বিদ্যুতৰ মাচুল দিবলৈ গৈ মহিলা নিৰুদ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.