পশ্চিম-বিলাসীপাৰা,12 এপ্ৰিল : ৰাজ্যত অব্যাহত আছে নীলা কেৰাচিনৰ চোৰাং বেহা ৷ আৰক্ষীৰ নিৰ্বিকাৰ ভূমিকাৰ সুযোগ গ্ৰহণ কৰি এই দৰে ক’লা বজাৰত নীল কেৰাচিনৰ বিক্ৰী চলি থকাৰ অভিযোগ উঠিছে ৷ দেওবাৰে মাজনিশা বিলাসীপাৰাত জব্দ হয় 14 শ লিটাৰ কেৰাচিনসহ এখন ট্ৰেক্টৰ ৷ AS-16-C-4510 নম্বৰৰ ট্ৰেক্টৰ খনে কেৰাচিন কঢ়িয়াই অনাৰ সময়তে স্থানীয় লোকৰ খবৰৰ ভিত্তিত পূব-বানিয়াপাৰা গাঁৱত আৰক্ষীয়ে নাটকীয় ভাৱে ট্ৰেক্টৰখন জব্দ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
দীৰ্ঘদিনৰ পৰা ৰাজহুৱা বিতৰণৰ বাবে অনা কেৰাচিন বিভিন্ন ঠাইৰ ক’লা বজাৰত বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপন কৰি ৰাইজে আৰক্ষীক অৱগত কৰিছিল যদিও কোনো গুৰুত্ব দিয়া নাছিল বুলি উল্লেখ কৰে স্থানীয় ৰাইজে ৷ প্ৰতি নিশাৰ দৰে দেওবাৰে পুনৰ চৰাঞ্চলৰ পৰা বানিয়াপাৰালৈ কেৰাচিন কঢ়িয়াই অনাৰ সময়তে বাহনখন জব্দ কৰে যদিও আন্ধাৰৰ সুযোগ লৈ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ সম্প্ৰতি জব্দাকৃত কেৰাচিন আৰু বাহনখন আৰক্ষীৰ জিম্মাত আছে ৷
লগতে পঢ়ক: আত্মীয়ৰ কু-অভিসন্ধি : পৰিকল্পিতভাৱে গণৰোষত পেলালে দিলোৱাৰক