ETV Bharat / state

ধুবুৰীত শতাধিক লোকৰ বিজেপিত যোগদান

author img

By

Published : Dec 26, 2020, 7:33 PM IST

নিৰ্বাচনৰ পূৰ্বে সাংগঠনিক ভেটি শক্তিশালী বিজেপিৰ । ধুবুৰী জিলাৰ বিজেপি কাৰ্যালয়ত শতাধিক লোকৰ বিজেপিত যোগদান । জিলা বিজেপিৰ সভাপতি ডাঃ দেৱময় সান্যালৰ দললৈ আদৰণি ন-বিজেপি কৰ্মীসকলক ।

ধুবুৰীত শতাধিক লোকৰ বিজেপিত যোগদান
ধুবুৰীত শতাধিক লোকৰ বিজেপিত যোগদান

ধুবুৰী, ২৬ ডিচেম্বৰ: আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে শাসক-বিৰোধী পৰস্পৰে পৰস্পৰৰ মাজত দেখা গৈছে ব্যাপত তৎপৰতা । ৰাজনৈতিক দলসমূহৰ মাজত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে শনিবাৰে ধুবুৰীত শতাধিক লোক বিজেপিত যোগদান কৰে । জিলাখনৰ বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা যোগদান সভাত মুঠ ১২৫ জন পুৰুষ মহিলাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে । উক্ত অনুষ্ঠানত জিলা বিজেপিৰ সভাপতি ডাঃ দেৱময় সান্যালে উপস্থিত থাকি ন-বিজেপি কৰ্মীসকলক দললৈ আদৰণি জনাই কয় যে আগন্তুক নিৰ্বাচনত ধুবুৰী মহকুমাৰ তিনিওটা সমষ্টিয়ে বিজেপিৰ দখললৈ যাব । ভাষণ প্ৰসংগত সান্যালে ধুবুৰী সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক নজৰুল হকক তীব্র ভাষাৰে সমালোচনা কৰে ।

ধুবুৰীত শতাধিক লোকৰ বিজেপিত যোগদান
ধুবুৰীত শতাধিক লোকৰ বিজেপিত যোগদান

ধুবুৰীৰ মুঠ পাঁচটা সমষ্টিৰ ধুবুৰী আৰু গৌৰীপুৰ সমষ্টি এ আই ইউ ডি এফৰ দখলত আছে । এই দুই সমষ্টিৰ পৰা এ আই ইউ ডি এফক উৎখাত কৰি পদুম ফুলাবলৈ জিলা বিজেপিয়ে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বিপৰীতে আৰম্ভ কৰিছে নিৰ্ব্বাচনী প্ৰচাৰ । গোলকগঞ্জ সমষ্টি বিজেপিৰ দখলত থকাৰ বিপৰীতে বিশেষকৈ ধুবুৰী মহকুমাৰ অন্তৰ্গত ধুবুৰী আৰু গৌৰীপুৰ সমষ্টি বিজেপিৰ দখললৈ অনাৰ চেষ্টা চলাইছে ।

যোগদান কাৰ্যসূচী
যোগদান কাৰ্যসূচী

উল্লেখ্য যে, বিজেপিয়ে দাবী কৰিলেও ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ সমষ্টিত কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু বিজেপিৰ মাজত আগন্তুক নিৰ্বাচনত তীব্র প্ৰতিদ্বণ্ডিতা হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰৰ বুকুত ক্ষুব্ধ জনতাই ডুবালে আৰক্ষীৰ নাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.