ETV Bharat / state

বিলাসীপাৰাত মহাবীৰ চিলাৰায়ৰ জন্মজয়ন্তী উদযাপন - যুৱ প্ৰজন্ম

চিলাৰায় দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি সন্ধিয়া এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ অনুষ্ঠানত যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ৱ জুবিন গাৰ্গে গীত পৰিৱেশন কৰিব ৷

bir chilarai divas celebrate in bilahipara
বিলাসীপাৰাত মহাবীৰ চিলাৰায়ৰ জন্মজয়ন্তী উদযাপন
author img

By

Published : Feb 27, 2021, 4:10 PM IST

বিলাসীপাৰা, 27 ফেব্ৰুৱাৰী : বিলাসীপাৰাৰ বামুনগাঁৱতো শনিবাৰে বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হয় ৷ বামুনগাঁও লক্ষী মন্দিৰ বাকৰিত ধুবুৰী পূব জিলা আক্ৰাছুৰ উদ্যোগত বিশ্ব মহাবীৰ গৰাকীৰ ৫১১ সংখ্যক জন্মজয়ন্তী দিৱস উদযাপন কৰা হয় ৷ চীলাৰায় দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা ছহিদ বেদীত বন্তি প্ৰজ্বলন কৰাৰ লগতে বীৰগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ ইয়াৰ পিছতে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷

বিলাসীপাৰাত মহাবীৰ চিলাৰায়ৰ জন্মজয়ন্তী উদযাপন

আনহাতে বিয়লি অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কমতাপুৰ পৰিষদৰ মুখ্য কাৰ্যবাহী গকুল বৰ্মন ৷ সন্ধিয়া এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে ৷ অনুষ্ঠানত যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ৱ জুবিন গাৰ্গে গীত পৰিৱেশন কৰিব ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীয়ে ভাৰ্চুৱেলী উদ্বোধন কৰিলে বৰাকৰ মিনি সচিবালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.