পশ্চিম বিলাসীপাৰা,30জুলাইঃ বিলাসীপাৰাত বৃহৎ পৰিমাণৰ চোৰাং চাউলসহ জব্দ SML Turbo বাহন ৷ লক্ষীগঞ্জ আৰক্ষীৰ অভিযানত বুধবাৰে নিশা জব্দ হয় চোৰাং চাউল কঢ়িয়াই নিয়া বাহনখন ৷ জানিব পৰা মতে বাহন খনত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ৬১ বস্তা চোৰাং চাউল আছিল ৷ AS 01HC - 9617 নম্বৰ SML Turbo বাহন খনৰে লক্ষীগঞ্জ সমবায় সমিতিৰ পৰা উলিয়াই নিছিল চোৰাং চাউল সমূহ ৷
লক্ষীগঞ্জৰ পৰা ৰাণীগঞ্জ লৈ নি থকা অৱস্থাত বাঘমাৰীত জব্দ হয় চোৰাং চাউল ভৰ্তি বাহন খন ৷ আৰক্ষীৰ অভিযানত ৬১ বস্তা চোৰাং চাউল সহ আটক হয় বাহন খনৰ চালক আবেদ আলী ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ ইপিনে ঘটনাৰ লগত জড়িত চোৰাং চাউলৰ মূল বেপাৰীক আটক কৰি শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷
লগতে পঢ়কঃ নগাঁৱত যান বাহন শাখাৰ মহিলা আৰক্ষীক সম্বৰ্ধনা আৰক্ষী অধীক্ষকৰ