পশ্চিম বিলাসীপাৰা, 25 ডিচেম্বৰঃ ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মবাৰ্ষিকীত দেশজুৰি সশ্ৰদ্ধ সোঁৱৰণ ৷ ধুবুৰীৰ বিলাসীপাৰাতো প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মবাৰ্ষিকী উপলক্ষে আয়োজন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷ ভাৰতীয় জনতা পাৰ্টিৰ পূৱ বিলাসীপাৰা জিলা কমিটিৰ উদ্যোগত আৰু নায়েৰ আলগা মণ্ডল বিজেপিৰ সভাপতি ময়নুল হকৰ সহযোগত বিলাসীপাৰা কালীবাড়ীত অনুষ্ঠিত হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷
উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি বন্তি প্ৰজ্বলন তথা মাল্যাৰ্পণ কৰে বিধায়ক অশোক কুমাৰ সিংহীৰ লগতে দলীয় সতীৰ্থসকলে ৷ উল্লেখ্য যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত বিধায়ক অশোক কুমাৰ সিংহীয়ে ভাষন প্ৰসংগত ‘আমি জীয়াই থকালৈকে জাতি, ধৰ্ম নিৰ্বিশেষে বিলাসীপাৰাৰ জনতাবাসীক বিপথে পৰিচালিত কৰিবলৈ নিদিও’ বুলি মন্তব্য কৰে ।