ETV Bharat / state

বিলাসীপাৰাত চক্ৰ বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদ - ETV BHARAT

বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাই চক্ৰ বিষয়া ছৰফৰাজ হকৰ বিৰুদ্ধে ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। চক্ৰ বিষয়াজনক নিলম্বনৰ দাবীৰে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তুলে প্ৰতিবাদকাৰীয়ে |

বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ
author img

By

Published : Apr 30, 2019, 9:37 PM IST

বিলাসীপাৰা,৩০ এপ্ৰিলঃ বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাই মঙলবাৰে বিহুৰ আমন্ত্ৰণ জনাবলৈ যোৱা ছাত্ৰ সন্থাৰ বিষয়ববীয়াক অপমান কৰাৰ অভিযোগত চক্ৰ বিষয়া ছৰফৰাজ হকৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিলাসীপাৰা চহৰৰ মূল পথ অৱৰোধ কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে ছাত্ৰ সন্থাৰ সদস্যসকলে। আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদেও পথ অৱৰোধত অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ চক্ৰ বিষয়াজনক নিলম্বনৰ দাবীৰে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তুলে প্ৰতিবাদকাৰীয়ে |

বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ইয়াৰ ফলত ব্যস্ত পথছোৱাত শ-শ যান বাহন আৱদ্ধ হৈ পৰাত আৰক্ষী, চিআৰপিএফ আৰু মহকুমা দণ্ডাধীশ উপস্থিত হৈ ঘটনাৰ তদন্ত কৰাৰ লগতে উচিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰাতহে অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰা হয়।

Intro:A. I - বিলাসীপাৰা চহৰৰ মুল পথ অৱৰোধ কৰি মঙ্গলবাৰে বিয়লিৰ ভাগত ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ |
বিহুৰ আমন্ত্ৰণ জনাবলৈ যোৱা ছাত্ৰ সন্থাৰ বিষয় ববীয়াক চক্ৰ বিষয়া ছৰফৰাজ হকে অপমান কৰাৰ অভিযোগ |
ইয়াৰ প্ৰতিবাদত বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাই বিলাসীপাৰা চহৰৰ মুল পথ ছোৱা অৱৰোধ কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে |Body:বিলাসীপাৰাৰ ৰাজহ চক্ৰ বিষয়া ছৰফৰাজ হকৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ |
আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অহা ৩ মে'ত উদযাপন হবলগীয়া ৰঙালী বিহুৰ বাবে চক্ৰ বিষয়া জনৰ কাৰ্যলয়ত আমন্ত্ৰণ জনাবলৈ গৈছিল সন্থাৰ বিষয় ববীয়াই | আমন্ত্ৰণ জনাবলৈ যোৱা ছাত্ৰ সন্থাৰ নেতা কৰ্মী কেইজন মানক চক্ৰ বিষয়া জনে অপমান কৰি খেদি পঠিওৱাত বিক্ষুদ্ধ হৈ পৰে ছাত্ৰ নেতা সকলে | পিছত এই ঘটনাৰ প্ৰতিবাদত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত AJYCP, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিলাসীপাৰা জিলা সমিতিৰ নেতা কৰ্মীয়ে পথ অৱৰোধ কাৰ্যসূচীত ভাগ লৈ প্ৰতিবাদ সাব্যস্ত কৰে |
চক্ৰ বিষয়া জনক নিলম্বনৰ দাবী প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্ল'গানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে |Conclusion:পথ অৱৰোধৰ চহৰ খনৰ ব্যস্ত পথ ছোৱাত শ শ যান বাহন আৱদ্ধ হৈ পৰে | পৰবৰ্তী সময়ত আৰক্ষী চি আৰ পি এফ বাহিনীৰ লগতে মহকুমা দণ্ডাধীশ উপস্থিত হৈ ঘটনাৰ তদন্ত ক্ৰমে ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰাত অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে |
Bite সুজিত সৰকাৰ, সভাপতি, আঞ্চলিক ছাত্ৰ সন্থা ,
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.