ETV Bharat / state

সাত বছৰৰ পাচতো মুকলি নহ'ল বিলাসীপাৰাৰ ITI COLLEGE

author img

By

Published : Jun 22, 2021, 1:45 PM IST

Updated : Jun 22, 2021, 3:22 PM IST

নিৰ্মাণৰ 7 বছৰ উকলি যোৱাৰ পাচতো আজিলৈকে মুকলি নহ'ল অসম চৰকাৰৰ সংখ্যালঘু কল্যাণ উন্নয়ন আঁচনিৰ (MSDP) ধনেৰে 2011 চনত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা ভাৰতীয় উদ্যোগিক প্ৰশিক্ষণ মহাবিদ্যালয়খন ৷ প্ৰায় 5 কোটি 27 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মহাবিদ্যালয়খন পাঠদান কাৰ্য আৰম্ভ নোহোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় লোক সকল ৷

bilasipara ITI COLLEGE
সাত বছৰৰ পাচতো মুকলি নহ'ল বিলাসীপাৰাৰ ITI COLLEGE

পশ্চিম-বিলাসীপাৰা,22 জুন : বিলাসীপাৰাৰ এখন বিশেষ মহাবিদ্যালয় ৷ ছোট গিৰাই গাঁৱত থকা এই মহাবিদ্যালয়খন নিৰ্মাণৰ 7 বছৰ উকলি যোৱাৰ পাচতো আজিলৈকে মুকলি নহ'ল ৷ অসম চৰকাৰৰ সংখ্যালঘু কল্যাণ উন্নয়ন আঁচনিৰ (MSDP) ধনেৰে 2011 চনত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা ভাৰতীয় উদ্যোগিক প্ৰশিক্ষণ মহাবিদ্যালয়খন 2013 চনত সম্পূৰ্ণ হৈ উঠে ৷ প্ৰায় 5 কোটি 27 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মহাবিদ্যালয়খন তদানীন্তন অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী ডাঃ নজৰুল ইছলামে আনুষ্ঠানিক ভাৱে মুকলি কৰিছিল যদিও আজিলৈকে আৰম্ভ নহ'ল পাঠদান কাৰ্য ৷

ছাত্ৰ-ছাত্ৰী অবিহনে কেইগৰাকীমান কৰ্মচাৰীক নিযুক্তি দিলে যদিও মহাবিদ্যালয়খনত পাঠদান আৰম্ভ নোহোৱাত তেওঁলোকে আন ঠাইলৈ বদলি হ'ল ৷ বিগত 7 টা বছৰে মহাবিদ্যালয় খনত চৰকাৰৰ দৃষ্টি নপৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় লোক সকল ৷ বাৰাম্বাৰ পাঠদানৰ বাবে বিভাগীয় কৰ্তৃপক্ষক স্থানীয় লোকে আবেদন-নিবেদন কৰিছে যদিও কোনো সুফল নোপোৱাৰ অভিযোগ উত্থাপন হৈছে কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷

ইফালে, মহাবিদ্যালয়খন পৰিত্যক্ত হৈ পৰাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পশ্চিম বিলাসীপাৰাৰ বিধায়ক হাফিজ বছিৰ আহমেদে ৷ বিধায়কগৰাকীৰ তৎপৰতাতেই নিৰ্মাণ হোৱা মহাবিদ্যালয়খন শীঘ্ৰে মুকলি কৰা সন্দৰ্ভত আগন্তুক বিধানসভা অধিৱেশনত প্ৰশ্ন উত্থাপন কৰিব বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷

আনহাতে, বছৰৰ পাচত বছৰ ধৰি চৰকাৰৰ দ্বাৰা অৱহেলিত হৈ অহা মহাবিদ্যালয়খন মুকলি কৰি ছাত্ৰ-ছাত্ৰী সকলৰ সহায় হোৱাকৈ উপযোগী কৰি তোলাৰ বাবে নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে স্থানীয় লোকৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে ৷

লগতে পঢ়ক: মাজুলীত প্ৰতিষেধক সৰবৰাহকাৰী সন্থাৰ প্ৰতিবাদ

Last Updated : Jun 22, 2021, 3:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.