ETV Bharat / state

অবৈধ নিচা জাতীয় দ্ৰব্যৰ ঘাটিত পৰিণত বিলাসীপাৰাৰ নয়াহাট - বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া

ৰাজ্যত দিনক দিনে নিচা জাতীয় সামগ্ৰীৰ অবৈধ ব্যৱসায় বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই নিচা জাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে ৷ বিলাসীপাৰত বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমানৰ নিচা জাতীয় ঔষধ জব্দ কৰে ৷

bilashipara   illegal alcohol medicine  rescue  police
অবৈধ নিচা জাতীয় দ্ৰব্যৰ ঘাটিত পৰিণত বিলাসীপাৰাৰ নয়াহাট
author img

By

Published : Oct 2, 2020, 10:05 AM IST

পশ্চিম বিলাসীপাৰা,2 অক্টোবৰঃ অবৈধ নিচা জাতীয় দ্ৰব্যৰ ঘাটিত পৰিণত হৈছে বিলাসীপাৰাৰ নয়াহাট ৷ বৃহস্পতিবাৰে নিশা চলোৱা অভিযানত বৃহৎ পৰিমাণৰ অবৈধ নিচা জাতীয় ঔষধ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷ বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা নয়াহাট আৰক্ষীয়ে নিশা জব্দ কৰে নিচা জাতীয় ঔষধ সমূহ ৷ নয়াহাট আৰক্ষী চকীৰ অন্তৰ্গত ফকিৰানিৰঝাৰ গাঁৱত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে এই ঔষধসমূহ ৷

অবৈধ নিচা জাতীয় দ্ৰব্যৰ ঘাটিত পৰিণত বিলাসীপাৰাৰ নয়াহাট

উল্লেখযোগ্য যে, গোপন সুত্ৰৰ ভিত্তিত চলোৱা অভিযানত আৰক্ষীয়ে গাঁওখনৰ জাহানুৰ আলী ওৰফে নাদুৰ ঘৰত বিক্ৰীৰ বাবে মজুত ৰখা 1300 নিচা জাতীয় টেবলেট জব্দ কৰে ৷ অৱশ্যে আৰক্ষীৰ উপস্থিতিৰ উমান জাহানুৰ আলী নামৰ নিচা জাতীয় ঔষধ সৰবাৰাহকাৰীটো পলায় যাবলৈ সক্ষম হয় ৷ ইপিনে অতি শীঘ্ৰে জাহানুৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ব বুলি মহকুমা আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃ বিটিআৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য সাংসদ নৱ শৰণীয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.