ETV Bharat / state

বাৰিষাৰ পাছত এইবাৰ ভদীয়া বানে তচনচ কৰিলে কৃষকৰ সপোন - চৰকাৰী কোনো আঁচনি

মুৰৰ ঘাম মাটিত পেলাই খেতি কৰা পথাৰসমূহ নিমিষতে বানে পৰিণত কৰিলে বালিময় ভূমিলৈ ৷ এইসকল কৃষকৰ বিননি শুনিবনে কৃষি বিভাগে ? কৃষকৰ চকুলো মচিবলৈ ফলপ্ৰসূ হ’ব নে চৰকাৰী কোনো আঁচনি ? নে এইদৰেই আঁঠুত মুৰ গুজি দুখৰ হুমুনিয়াহ কাঢ়িব লাগিব এইসকল কৃষকে !

বাৰিষাৰ পাচত এইবাৰ ভদীয়া বানে তচনচ কৰি থৈ গ'ল কৃষকৰ সপোন

author img

By

Published : Sep 22, 2020, 4:36 PM IST

পশ্চিম বিলাসীপাৰা, 22 ছেপ্টেম্বৰ : শেহতীয়াকৈ হোৱা ভদীয়া বানে তচনচ কৰি থৈ গ'ল বিলাসীপাৰা মহকুমাৰ কৃষকৰ সপোন ৷ কৃষি প্ৰধান বিলাসীপাৰা মহকুমাৰ আন্দুৰঝাৰ অঞ্চলত হোৱা ভাদ মহীয়া বানত গৌৰাং নৈৰ বাঢ়নীৰ ধলৰ লগত অহা পলস আৰু বোকাই পুতি পেলাইছে শ শ বিঘা শালি ধানৰ খেতি পথাৰ ৷

নৈত ওপজি নৈপৰীয়াৰ বাবে হৈ পৰা এক অভিশাপ স্বৰূপ হ’ল বান ৷ নদীয়েই হহুৱাই নদীয়েই কন্দুৱাই ! নদীয়ে দিও যায় আৰু নদীয়ে লৈও যায় ৷ বাৰিষাৰ নৈ হৈ পৰে নিৰ্মম ৷ ফেনে ফোটোকাৰে ওফন্দি উঠা নৈৰ বলিয়া বানত প্লাৱিত হয় দুয়োপাৰৰ বিস্তীৰ্ণ অঞ্চল ৷ বানত উটি যায় নৈপৰীয়াৰ সপোন ; পানীৰ সৈতে একাকাৰ হয় কৃষকৰ চকুলো ৷ বাৰিষা তিনিটাকৈ বানে তচনচ কৰি যোৱাৰ পাচত পুনৰ ভদীয়া বানত আক্ৰান্ত হ’ল ৰাজ্যৰ বহুকেইটা অঞ্চল ৷

বাৰিষাৰ পাচত এইবাৰ ভদীয়া বানে তচনচ কৰি থৈ গ'ল কৃষকৰ সপোন

বিলাসীপাৰাকো চলিত বৰ্ষত বাৰুকৈয়ে বানে কোবাই গ’ল ৷ এতিয়া পানী শুকাইছে ৷ বাঢ়নী পানীহে শুকাল ; কিন্তু শুকুৱা নাই কৃষকৰ চকুপানী ৷ মুৰৰ ঘাম মাটিত পেলাই খেতি কৰা পথাৰসমূহ নিমিষতে বানে পৰিণত কৰিলে বালিময় ভূমিলৈ ৷

গৌৰাং নৈৰ ধলে পলস আৰু বালি পেলাই পুতি পেলালে এইসকল কৃষকৰ সপোন ৷ যি দুই এবিঘা খেতি বাচিছিল, তাতো এতিয়া শুৰ পোকে চলাইছে তাণ্ডৱ ৷ যেন এটাৰ পাচত আন এটা বিপদে ওপৰা ওপৰিকৈ হেঁচা মাৰি ধৰিছে এইসকল কৃষকক ৷ কোনোমতে বছৰটোলৈ ভাত মুঠি যোগাৰ কৰাৰো যেন অৱকাশ নাই তেওঁলোকৰ ৷

এইসকল কৃষকৰ বিননি শুনিবনে কৃষি বিভাগে ? কৃষকৰ চকুলো মচিবলৈ ফলপ্ৰসূ হ’ব নে চৰকাৰী কোনো আঁচনি ? নে এইদৰেই আঁঠুত মুৰ গুজি দুখৰ হুমুনিয়াহ কাঢ়িব লাগিব এইসকল কৃষকে !

লগতে পঢ়ক :খাদ্য নিগমৰ চুৰি চাউলসহ এজন আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.