বিলাসীপাৰা,10 ফেব্ৰুৱাৰী: বিলাসীপাৰাত বিদ্যুৎ চুৰি কৰি চলিছে কৃষি কৰ্ম | একাংশ অসৎ কৃষকে হাঁকোটা লগাই বিদ্যুৎ চুৰি কৰি দিনে নিশাই চলাই আহিছে কৃষিকৰ্মত ব্যৱহৃত যন্ত্ৰ-পাতি | ইয়াৰ পিছতো সংশ্লিষ্ট বিভাগটোৰ বিষয়া কৰ্মচাৰীয়ে সম্পূৰ্ণ ৰূপে নিৰৱতা অৱলম্বন কৰি অহাৰ অভিযোগ ৰাইজৰ | অভিযোগ মতে অকল গ্ৰামাঞ্চলতে নহয় এতিয়া বিলাসীপাৰা চহৰৰ দহ নম্বৰ ৱাৰ্ড বামুনপাৰা পঞ্চম খণ্ডতো বিদ্যুৎ চুৰিৰে চলিছে কৃষি কাৰ্য | এই ক্ষেত্ৰত বিদ্যুৎ বিভাগৰ বিলাসীপাৰা উপসংমণ্ডলৰ বিষয়া কৰ্মচাৰীক বহুবাৰ অভিযোগ দাখিল কৰিও সুফল নোপোৱাৰ অভিযোগ তুলিছে ৰাইজে |
বিলাসীপাৰাত চুৰি বিদ্যুৎ দ্বাৰা চলিছে কৃষি কৰ্মত ব্যৱহৃত যন্ত্ৰ-পাতি উল্লেখ্য যে এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নামনি অসমৰ বিলাসীপাৰা মহকুমাত ইৰি আৰু বৰো ধান ৰোৱাৰ বতৰ | ধাননি পথাৰত পানী যোগান ধৰিবলৈ কৃষকে ব্যৱহাৰ কৰিছে,চেল মেচিন,পাম্প চেট আদি | কিন্তু একাংশ দুষ্ট প্ৰকৃতিৰ কৃষকে গড়কাপ্তানী পথৰ ওপৰেদি জনবসতিপূৰ্ণ অঞ্চলত বিপদসংকুল ভাৱে হাকোটা লগাই বিদ্যুৎ চুৰি কৰি দিনে নিশাই খেতি পথাৰত পাম্পৰ সহায়ত পানী যোগান ধৰিছে | ইয়াৰ বিপৰীতে কি ব্যৱস্থা গ্ৰহণ কৰিব সংশ্লিষ্ট কতৃপক্ষই সেয়া লক্ষণীয় হৈ পৰিব |আনহাতে ভিতৰুৱা অঞ্চলসমূহ উপৰিও বিলাসীপাৰা চহৰৰ কেবাটাও স্থানত বিপদসংকুল ভাৱে বিদ্যুৎ ট্ৰান্সফৰ্মাৰ লগোৱাই বিদ্যুৎ সৰবৰাহ কৰি আহিছে বিভাগটোৰ বিষয়া কৰ্মচাৰীয়ে | ফলত কেবাটাও দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ | কিন্তু ইয়াৰ পিছতো কানসাৰ নাই উপ সংমণ্ডলটোৰ বিষয়া কৰ্মচাৰীৰ | গতিকে এনেবোৰ দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে বিভাগীয় মন্ত্ৰীক দাবী তুলিছে |
লগতে পঢ়ক:বৰপেটাত 'অটল অমৃত যোজনা'ৰ ফলাফল