ETV Bharat / state

'ফিট ইণ্ডিয়া ৰাইড' উপলক্ষে ধুবুৰীত চাইকেল ৰেলী - আৰক্ষী অধীক্ষক

'ফিট ইণ্ডিয়া ৰাইড' উপলক্ষে ধুবুৰীত চাইকেল ৰেলী উলিওৱা হয় । কাৰ্যসূচীৰ লগত সংগতি ৰাখি চাইকেল খেল আৰু শৰীৰ চৰ্চা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷

bicycle-rally-in-dhubri-administration-initiative-for-fit-india-ride
'ফিট ইণ্ডিয়া ৰাইড' উপলক্ষে ধুবুৰীত প্ৰশাসন আৰু টীম পৰিকল্পনাৰ উদ্যোগত চাইকেল ৰেলী
author img

By

Published : Dec 13, 2020, 4:41 PM IST

ধুবুৰী, 13 ডিচেম্বৰ : দেশ তথা ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ধুবুৰী জিলাতো দেওবাৰে 'ফিট ইণ্ডিয়া ৰাইড' উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰে । ধুবুৰী জিলা আৰক্ষী প্ৰশাসনৰ সহযোগিতাত আৰু টীম পৰিকল্পনাৰ উদ্যোগত প্ৰথমে ধুবুৰীৰ পৰা গৌৰীপুৰলৈকে চাইকেল ৰেলী উলিওৱা হয় ।

bicycle-rally-in-dhubri-administration-initiative-for-fit-india-ride
চাইকেল খেল প্ৰতিযোগিতাৰ দৃশ্য

চাইকেল ৰেলীত জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আৰু তেওঁৰ সহধৰ্মিনী তথা মূল উদ্যোক্তা অৰ্চনা তিৱাৰীকে ধৰি আৰক্ষীৰ জোৱান আৰু বহু নৱ প্ৰজন্মৰ যুৱক-যুৱতী অংশগ্ৰহণ কৰে ।

ধুবুৰী আৰু গৌৰীপুৰ চহৰৰ বিভিন্ন অঞ্চল ঘুৰি কৰি ধুবুৰী আৰক্ষী চাউনিত সমবেত হয় । তাৰ পিছতেই আৰক্ষী চাউনি খেল পথাৰত আৰক্ষী জোৱানৰ উপৰিও চাইকেল ৰাইডাৰ সকলৰ মাজত চাইকেল খেল আৰু শৰীৰ চৰ্চা প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

শৰীৰ চৰ্চা প্ৰতিযোগিতাৰ দৃশ্য

উল্লেখ্য যে, বিজয়ী প্ৰতিযোগী সকলৰ মাজত বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয় ৷

'ফিট ইণ্ডিয়া ৰাইড' উপলক্ষে ধুবুৰীত চাইকেল ৰেলী

লগতে পঢ়ক : যোৰহাট, মাজুলীৰ মুঠ ৪৩,২৮৭ টা শিশুক কৰা হ'ব টিটেনাচ প্লাছৰ টীকাকৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.