ETV Bharat / state

ধুবুৰীৰ ৩২৬ বিদ্যালয়লৈ ভলীবল বিতৰণ জিলা উপায়ুক্তৰ

author img

By

Published : Feb 25, 2021, 9:13 PM IST

বৃহস্পতিবাৰে ধুবুৰীত মুঠ ৩২৬ খন বিদ্যালয়ত ভলীবল নেট প্ৰদান জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাৰ । ৰাজ্যপালৰ 'ছোৱালী ভলীবল অভিযান ২০২০-২১' আঁচনিৰ অধীনত ধুবুৰীৰ ৩২৬ খন বিদ্যালয়লৈ ভলীবল বিতৰণ ।

ধুবুৰীৰ ৩২৬ বিদ্যালয়লৈ ভলীবল বিতৰণ
ধুবুৰীৰ ৩২৬ বিদ্যালয়লৈ ভলীবল বিতৰণ

ধুবুৰী, ২৫ ফেব্ৰুৱাৰী: ৰাজ্যপালৰ 'ছোৱালী ভলীবল অভিযান ২০২০-২১' আঁচনিৰ অধীনত ধুবুৰীৰ ৩২৬ খন বিদ্যালয়লৈ ভলীবল বিতৰণ । ভলীবল খেলৰ জৰিয়তে ছোৱালী সবলীকৰণৰ উদ্দেশ্যে এই আঁচনি গ্ৰহন কৰা হয় । এই আঁচনিৰ অধীনত ৰাজ্যৰ ৫৪৫৩ খন বিদ্যালয়ৰ ছাত্ৰীক ভলীবল প্ৰদানৰ পদক্ষেপ হাতত লোৱা হৈছে ।

ধুবুৰীৰ ৩২৬ বিদ্যালয়লৈ ভলীবল বিতৰণ
ধুবুৰীৰ ৩২৬ বিদ্যালয়লৈ ভলীবল বিতৰণ

সেই অনুসৰি বৃহস্পতিবাৰে ধুবুৰীতো এই অভিযানৰ শুভাৰম্ভ কৰে জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাই । ধুবুৰী জিলাৰ উপায়ুক্তৰ সভা কক্ষত জিলা খনৰ ৫ খন বিদ্যালয়ৰ ছাত্ৰীক আনুষ্ঠানিকভাৱে ভলীবল আৰু নেট প্ৰদান কৰে জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাই । আনহাতে পৰৱৰ্তী পৰ্যায়ক্ৰমে ভলীবল প্ৰদান কৰা হ'ব আন আন শিক্ষানুষ্ঠানৰ ছাত্ৰীকো ।

বৃহস্পতিবাৰৰ উক্ত অনুষ্ঠানত উপস্থিত থাকে ধুবুৰী জিলাৰ উপায়ুক্ত দেৱ কুমাৰ কলিতা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনিমেষ তালুকদাৰৰ লগতে জিলা ক্ৰীড়া বিষয়া (ভাৰপ্ৰাপ্ত) পাৰ্থ প্ৰতীম বৰ্মন । লক্ষণীয় বিষয় যে, ধুবুৰী জিলাৰ মুঠ ৩২৬ খন বিদ্যালয়ত ভলীবল নেট প্ৰদান কৰি খেলুৱৈ ছাত্ৰীসকলক উৎসাহ যোগোৱাৰ ক্ষেত্ৰত লোৱা পদক্ষেপ নিশ্চয়কৈ প্ৰশংসনীয় ।

লগতে পঢ়ক:কংগ্ৰেছ, এ আই ইউ ডি এফক 'ফটা টিউব' আখ্যা ইদ্ৰিছ আলী আহমেদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.