ধুবুৰী, 10 জানুৱাৰী: ‘‘হু ইজ ভূপেন বৰা’’, ‘‘হু ইজ জিতেন্দ্ৰ সিং’’ ? মঙলবাৰে ধুবুৰীত উপস্থিত হৈ সাংবাদিকৰ প্ৰশ্নোত্তৰত কংগ্ৰেছৰে মিত্ৰতা সন্দৰ্ভত এইদৰে ক’লে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে (Badruddin Ajmal slams congress) । লগতে আজমল ইউ পি এৰ লগত আছে আগলৈও থাকিব বুলি স্পষ্টকৈ কয় আজমলে ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাক সমালোচনা কৰি আজমলে কয়, ‘‘ভূপেন বৰা পাগল । পাগলে কি নকয়, ছাগলে কি নাখায়’’ (Ajmal calls Bhupen Bora mad)।
ইপিনে প্ৰদেশ কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ আজমলে কয় যে, হিমন্তৰ জেপত আছে প্ৰদেশ কংগ্ৰেছৰ নেতাসকল । তাৰোপৰি নিশা হ’লেই হিমন্ত বিশ্ব শৰ্মাৰ পৰা নিয়মিত পেকেট লয় বুলি অসমৰ কংগ্ৰেছ নেতাসকলৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে আজমলে (Badruddin Ajmal on APCC leader) । ইয়াৰ লগতে সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কে ৰাজনৈতিক দল সমূহৰ মাজত চৰ্চা-বিতৰ্ক অব্যাহত থকাৰ সময়তে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ আজমলে কয় যে, ধৰ্মীয়ভাৱে সমষ্টি বিভক্ত কৰি একমাত্ৰ ভোট বেংকৰ ৰাজনীতি কৰিছে বিজেপি চৰকাৰে ।
উল্লেখ্য যে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ধাৰাবাহিক উচ্ছেদ চলি থকাৰ ফলত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । তাৰোপৰি উচ্চ ন্যায়ালয়ৰ কঠোৰ সকীয়নীৰো সন্মুখীন হৈছে ৰাজ্য চৰকাৰ (Eviction drive in Assam)। তেনে সময়তে মঙলবাৰে উচ্ছেদ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে সাংসদ বদৰুদ্দিন আজমলে ।
সাংসদ গৰাকীয়ে কয়, একপক্ষীয়ভাৱে এটা ধৰ্মৰ লোকক উচ্ছেদ কৰা হৈছে । কিন্তু উচ্চ ন্যায়ালয়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিপক্ষে ৰায় দিয়া বুলিও প্ৰসংগ উপস্থাপন কৰে আজমলে । ইয়াৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিত আজমলৰ বিৰুদ্ধে কংগ্ৰেছ, বিজেপি, অগপই শক্তিশালী প্ৰাৰ্থী থিয় কৰোৱাৰ কুচকাৱাজ চলাই থকা বুলি আজমলৰ প্ৰতিক্ৰিয়া বিচৰাত তেওঁ কয় যে, কংগ্ৰেছ, বিজেপিয়ে শক্তিশালী প্ৰাৰ্থী থিয় কৰালেও আজমলৰ জয় এইবেলিও নিশ্চিত ।
ইফালে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী বৰপেটা লোকসভা সমষ্টিৰ পৰা এ আই ইউ ডি এফৰ প্ৰাৰ্থী হ’ব পাৰে বুলি এক ইংগিত দিয়ে বদৰুদ্দিন আজমলে । বদৰুদ্দিন আজমলে কয়, ‘‘শ্বেৰমান আলী আজমলৰ বন্ধু মানুহ। আজমলৰ পিছে পিছে শ্বেৰমান আলী ঘূৰি আছে । সেয়ে এই বিষয়ে আমাৰ দলে বিবেচনা কৰিব’’ (Lok Sabha election 2024)।
ইয়াৰোপৰি বাঘ হাজৰিকা আৰু লাচিত বৰফুকন সন্দৰ্ভত ব্যাপক চৰ্চা চলি থকাৰ সময়তে বাঘ হাজৰিকা সম্পৰ্কত আজি পুনৰ আজমলে কয়, ‘‘বাঘ হাজৰিকাৰ সময়ত মই নাছিলোঁ। গতিকে মই নাজানোঁ’’ (Badruddin Ajmal on Bagh Hazarika)। ইফালে সংবাদমেল চলি থকাৰ সময়তে হঠাৎ খং উঠিল বদৰুদ্দিন আজমলৰ । এজন লোকে এটা ফাইল আজমললৈ আগবঢ়াই দিয়াৰ লগে লগে অশ্ৰাব্য গালি-গালাজ পৰাৰ লগতে আজমলে কেমেৰাৰ সন্মুখতেই দলিয়াই দিলে ফাইলটো । এই ঘটনাই ব্যপক চৰ্চা চলিছে ধুবুৰীৰ ৰাজনৈতিক মহলত ।
লগতে পঢ়ক: MLA Diganta Kalita : আহোম অথবা লাচিতৰ গুণানুকীৰ্তন নকৰা বুলি AIUDF ক কটাক্ষ দিগন্ত কলিতাৰ