ETV Bharat / state

গাৰ ছাঁই লগ এৰিলেও জৰা-ফুকাই লগ নেৰে আজমলৰ - Erosion

হাটশিঙিমাৰীৰ পৰা মাত্ৰ 3 কিল’মিটাৰ দূৰত্বত অৱস্থিত মালিৰ আলগা গাঁও পঞ্চায়তত লুইতৰ খহনীয়াই ধাৰণ কৰিছে তাণ্ডৱ ৰূপ ৷ এই খহনীয়া অঞ্চল সোমবাৰে পৰিদৰ্শন কৰে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে ৷

Badaruddin Ajmal visited dhubri assam etv bharat news
খহনীয়া অঞ্চল পৰিদৰ্শন সাংসদ আজমলৰ
author img

By

Published : Nov 2, 2020, 7:52 PM IST

ধুবুৰী,2 নৱেম্বৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খহনীয়া অঞ্চল সোমবাৰে পৰিদৰ্শন কৰে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে ৷ বাৰিষাৰ কালছোৱাৰ পৰাই অব্যাহত থকা খহনীয়া পৰিদৰ্শন কৰিবলৈ সময় নোপোৱা সাংসদগৰাকীয়ে নিৰ্বাচনৰ দিন চমু চপাৰ পিছতে থিয় হৈছে সমষ্টিবাসীৰ ওচৰত ৷ ৰাজ্যত যিকোনো নিৰ্বাচনৰ পূৰ্বে সুলভ হৈ পৰে এনে দৃশ্য ৷ এয়া কোনো নতুন কথা নহয় ৷

হাটশিঙিমাৰীৰ পৰা মাত্ৰ 3 কিল’মিটাৰ দূৰত্বত অৱস্থিত মালিৰ আলগা গাঁও পঞ্চায়তত লুইতৰ খহনীয়াই ধাৰণ কৰিছে তাণ্ডৱ ৰূপ ৷ উক্ত অঞ্চলৰ ৰাইজে পূৰ্বে কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষৰ লগতে জন প্ৰতিনিধিক এই বিষয়ে অৱগত কৰিও লাভ কৰা নাছিল কোনো সুফল ৷ উপায়ন্তৰ ৰাইজে এইবেলি নিজেই ব্যৱস্থা গ্ৰহণ কৰিছিল খহনীয়া প্ৰতিৰোধৰ ৷ কিন্তু সোমবাৰে ধুবুৰীৰ সাংসদগৰাকীয়ে উক্ত অঞ্চল পৰিদৰ্শন কৰি শীঘ্ৰে এই খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ৰাইজক ৷ ইয়াৰোপৰি সাংসদ আজমলে পৰিদৰ্শন কৰে সুখচৰ, মলাখোৱা আদি এলেকা ৷ তদুপৰি আল্লাহৰ ওচৰত দোৱা মাগি ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টা চলাই সাংসদ বদৰুদ্দিন আজমলে ৷

খহনীয়া অঞ্চল পৰিদৰ্শন সাংসদ আজমলৰ

ৰাজ্যখনৰ এনে পিছপৰা অঞ্চলসমূহত নিৰ্বাচনৰ পূৰ্বে ভিৰ কৰেহি জন প্ৰতিনিধিসকলে ৷ ইয়াৰ মাজতে আজমলে কিন্তু নাপাহৰিলে জৰা-ফুকাৰ ৰাজনীতি কৰিবলৈ ৷ সাংসদগৰাকীৰ আগমনৰ খবৰ লাভ কৰি উপস্থিত হোৱা ৰাইজৰ মাজৰ পৰা এগৰাকী মহিলাৰ মুখমণ্ডলত জাৰি সন্মুখীন হৈ থকা সমস্যা সমাধান হোৱাৰ দাবী কৰে এআইইউডিএফ-ৰ সাংসদ বদৰুদ্দিন আজমলে ৷

লগতে চাওকঃ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হ'ব লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.