ETV Bharat / state

Awareness rally in Dhubri : ধুবুৰীত নাৰী নিৰ্যাতনৰ বিৰুদ্ধে সজাগতামূলক শোভাযাত্ৰা - নাৰী নিৰ্যাতনৰ বিৰুদ্ধে সজাগতামূলক শোভাযাত্ৰা

নাৰী নিৰ্যাতন, হত্যা, ধৰ্ষণ, বাল্যবিবাহৰ বিৰুদ্ধে ধুবুৰীত সজাগতামূলক শোভাযাত্ৰা(Awareness Program organized in dhubri) প্ৰদৰ্শন ।

Awareness rally in Dhubri
Awareness rally in Dhubri
author img

By

Published : Dec 12, 2021, 8:59 PM IST

ধুবুৰী, 12 ডিচেম্বৰ : ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে নাৰীৰ ওপৰত হোৱা নিৰ্যাতন, হত্যা, ধৰ্ষণ, আদিৰ দৰে জঘন্য ঘটনা (Crime against women in Assam)৷ সেয়ে এই ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে ঠায়ে ঠায়ে অব্যাহত আছে বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৷

সেয়ে শুকুৰবাৰে ধুবুৰীত নাৰী নিৰ্যাতন, হত্যা, ধৰ্ষণ, বাল্যবিবাহৰ বিৰুদ্ধে সজাগতামূলক শোভাযাত্ৰা (Awareness Program organized in dhubri) বাহিৰ কৰা হয় । নাৰী নিৰ্যাতন, ধৰ্ষণ, হত্যা আৰু শিশু নিৰ্যাতন, বাল্যবিবাহৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ উদ্দেশ্য ধুবুৰী সখী ওৱান ষ্টপ চেণ্টাৰ আৰু মহিলা শক্তি কেন্দ্ৰৰ সহযোগিতাত ধুবুৰী চহৰৰ মাজ মজিয়াত এখনি সজাগতা মূলক শোভাযাত্ৰা উলিওৱা হয় (Awareness procession in dhubri)। শোভাযাত্ৰাত মহিলা সকলে হাতে হাতে প্লে’ কাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে নাৰী নিৰ্যাতন বন্ধ কৰাৰ আহ্বান জনাই ।

ইয়াৰ লগতে ধুবুৰীৰ জিলা পুথিভঁৰালত এখনি সজাগতা কৰ্মশালাৰ আয়োজন কৰা হয় । উল্লেখ্য যে, মহিলা আৰু কিশোৰীৰ ওপৰত হোৱা হিংসা আৰু নিৰ্যাতন ৰোধ আৰু সমাধানৰ বাবে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক মহিলাক এই কৰ্মশালাত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে সমাজ কল্যাণ বিভাগে ।

লগতে পঢ়ক : Encounter in Dakmaka : আৰক্ষীৰ গুলীত নিহত অপহৰণকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.