ETV Bharat / state

ধুবুৰীত অ'টো ৰিক্সা চালক আৰু মালিক সন্থাৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Jun 9, 2022, 10:59 PM IST

ধুবুৰীত অ'টো ৰিক্সা চালক আৰু মালিক সন্থাৰ উত্তাল প্ৰতিবাদ(Auto rickshaw drivers and owners association protest) । ধুবুৰীৰ ৰাজপথত অৱৰোধ কৰি তিনি ঘণ্টাযোৰা প্ৰতিবাদ শতাধিক অ'টো ৰিক্সা চালকৰ ।

auto-rickshaw-drivers-and-owners-association-protest-in-dhubri
ধুবুৰীত অ'টো ৰিক্সা চালক আৰু মালিক সন্থাৰ উত্তাল প্ৰতিবাদ

ধুবুৰী, 9 জুন : ধুবুৰীৰ গৌৰীপুৰ সংযোগী মূলপথ অৱৰোধ কৰি শতাধিক অ'টো ৰিক্সা চালক আৰু মালিক সন্থাৰ প্ৰতিবাদ (Auto rickshaw drivers and owners association protest) । প্ৰায় তিনি ঘণ্টা ধৰি ৰাজপথ অৱৰোধ কৰি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অ'টো ৰিক্সা চালক আৰু মালিক সন্থাই । দীৰ্ঘ দিনৰ পৰা অ'টো ৰিক্সা চলাচলৰ ক্ষেত্ৰত চলিছে প্ৰশাসনৰ বাধা । যাৰ ফলতেই ক্ষোভিত হৈ পৰিছে এইসকল অ'টো ৰিক্সা চালক আৰু মালিকে ।

উল্লেখ্য যে, ধুবুৰী জিলা প্ৰশাসনৰ ফালৰ পৰা ২০২১ চনৰ ১ নৱেম্বৰৰ পৰা অ'টো ৰিক্সা চালকে গৌৰীপুৰৰ পৰা ধুবুৰী জিটিবি ৰোড হৈ ডি চি অফিচলৈ চলাচল কৰাৰ বিপৰীতে ঝগৰাৰপাৰৰ পৰা ধুবুৰী আৰ কে মিশন ৰোড হৈ সদৰ থানাৰ সন্মুখেৰে ডি চি অফিচলৈ চলাচল কৰিব পাৰিব বুলি লিখিত অনুমতি প্ৰদান কৰা হৈছিল ৷ যদিও এতিয়া তীব্ৰ যান-জঁটৰ প্ৰতি লক্ষ্য কৰি জিলা প্ৰশাসনে পূৰ্বে দিয়া অনুমতি মতে অ'টো ৰিক্সা চলাচলত বাধা প্ৰদান কৰা হৈছে । যাৰ ফলশ্ৰুতিত বৃহস্পতিবাৰে বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চালক আৰু মালিক সন্থাই ।

প্ৰতিবাদকাৰীসকলে প্ৰায় তিনি ঘণ্টা ধৰি ৰাজপথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত ঘটনাস্থলীত জিলা পৰিবহণ বিষয়া, ধুবুৰী ৰাজহ চক্ৰ বিষয়া, জিলা উপ-আৰক্ষী অধীক্ষক আৰু সদৰ আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে । লগতে জিলা পৰিবহণ বিষয়া আৰু চক্ৰ বিষয়াই শীঘ্ৰেই এক আলোচনা মৰ্মে সমস্যা সমাধানৰ আশ্বাস দিয়াৰ পিছতহে সন্থাই প্ৰতিবাদী কাৰ্যসূচী পৰিহাৰ কৰে ।

লগতে পঢ়ক : জনজাতিকৰণৰ দাবীৰে তিনিচুকীয়াত মটক যুৱ ছাত্ৰ সন্মিলনৰ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.