ETV Bharat / state

লক ডাউনৰ মাজত ধুবুৰীত কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ দুৰ্বৃত্তৰ - Attack on police on duty dhubri assam etv bharat news

লক ডাউনৰ মাজতে ধুবুৰীৰ চাপৰত সংঘটিত ভয়ংকৰ ঘটনা। কৰ্তব্যৰত আৰক্ষীৰ ওপৰত আক্ৰমণ এচাম উদণ্ড লোকৰ । জিলাখনৰ চাপৰৰ ফলিমাৰীত সংঘটিত হয় এই ভয়ংকৰ ঘটনা ।

আৰক্ষীক আক্ৰমণ
আৰক্ষীক আক্ৰমণ
author img

By

Published : Mar 27, 2020, 9:11 PM IST

Updated : Mar 27, 2020, 9:50 PM IST

ধুবুৰী,27 মাৰ্চঃ লক ডাউনৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰশাসনে কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিছে ৷ সকলো মুহুৰ্ততে জীৱনক আওকাণ কৰি জৰুৰীকালীন সেৱাৰ লোকসমূহো নিয়োজিত হৈ আছে ৰাইজৰ সেৱাত ৷ ইয়াৰ মাজতে ধুবুৰীত সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ জিলাখনৰ চাপৰত একাংশ উদণ্ড লোকে শুকুৰবাৰে দায়িত্বত নিয়োজিত আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাৰ কথা পোহৰলৈ আহে ৷ আক্ৰমণৰ বলি হোৱা আৰক্ষীৰ টহলদাৰী দলটোত চাপৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলমণি নাথ,উপ-পৰিদৰ্শক বিপুল দাস,কনিষ্টবল সাহাদত খান আৰু সজল পাল আছিল বুলি জানিব পৰা গৈছে ৷

আৰক্ষীক আক্ৰমণ

ইফালে,আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হয় আৰক্ষী বিষয়া বিপুল দাস আৰু কনিষ্টবল সাহাদত খান ৷ সম্প্ৰতি দুয়োকে চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি,লক ডাউনৰ সময়ত নিজ দায়িত্ব পালন কৰি ফলিমাৰিৰ বুধবাৰী বজাৰ বন্ধ কৰিবলৈ চেষ্টা কৰিছিল আৰক্ষীৰ দলটোৱে। ঘটনাটোৰ ফলত সমগ্ৰ অঞ্চলজুৰি উত্তেজনা বিৰাজ কৰে ৷ ঘটনা সম্পৰ্কত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

লগতে চাওকঃ শণিবাৰৰ পৰা সাধাৰণ ৰোগীৰ বাবে বন্ধ জি এম চি এইছ

Last Updated : Mar 27, 2020, 9:50 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.