ETV Bharat / state

চৰকাৰী বিষয়াৰ ঘৰত শিশু শ্ৰমিকঃ শ্ৰম বিভাগৰ তলব - যৌথ অভিযান

অভিযন্তা গৰাকীক কাইলৈ কিশোৰ গৰাকীক লৈ অভিযানকাৰী দলটোৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষাই । শ্ৰম আৰু সমাজ কল্যাণ বিভাগে এই ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব ।

চৰকাৰী বিষয়াৰ আৱাসত আৰক্ষীৰ তালাচী
author img

By

Published : May 8, 2019, 11:11 PM IST

ধুবুৰী, ৮ মেঃ ধুবুৰীত চৰকাৰী বিষয়াৰ ঘৰত শ্ৰম আৰু সমাজ কল্যাণ বিভাগৰ যৌথ অভিযান। অভিযানত পোন্ধৰ বছৰীয়া কিশোৰ উদ্ধাৰ আৰক্ষীৰ।

চৰকাৰী বিষয়াৰ আৱাসত আৰক্ষীৰ তালাচী

উল্লেখ্য যে,ধুবুৰী জিলা গড়কপ্তানী (গৃহ) বিভাগৰ সহকাৰী অভিযন্তা দিলীপ শৰ্মাৰ আৱাসত বিগত চাৰি পাঁচ মাহ মান পূৰ্বে এগৰাকী কিশোৰক ৰন্ধা বঢ়া কাম কৰাৰ বাবে এজন কিশোৰক গুৱাহাটীৰ পৰা আনিছিল। এই তথ্য শ্ৰম বিভাগ আৰু সমাজ কল্যাণ বিভাগ আৰু শিশু সুৰক্ষা সমিতিয়ে লাভ কৰাৰ পিছতেই অভিযান চলাই উদ্ধাৰ কৰে কিশোৰ গৰাকীক। লগতে অভিযন্তা দিলীপ শৰ্মাক কাইলৈ কিশোৰজনক লৈ অভিযানকাৰী দলটোৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষাই। আনহাতে দিলীপ শৰ্মাই নিজৰ ভতিজা তথা আত্মীয় বুলি দাবী কৰিলেও কিশোৰজনে সেয়া কিন্তু অস্বীকাৰ কৰিছে শ্ৰম বিভাগ আৰু সমাজ কল্যাণ বিষয়াৰ আগত । এতিয়া শ্ৰম আৰু সমাজ কল্যাণ বিভাগে এই ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব ।

অধিক পঢ়িবলৈ-কলিয়াবৰত আটক ছয় গৰু চোৰ

Intro: ধুবুৰীত চৰকাৰী বিষয়াৰ ঘৰত শিশু শ্ৰমিক। চৰকাৰী বিষয়াৰ ঘৰত শ্ৰম বিভাগ আৰু সমাজ কল্যান বিভাগৰ যৌথ অভিযান। পোন্ধৰ বছৰীয়া কিশোৰ উদ্ধাৰ চৰকাৰী বিষয়াৰ চৰকাৰী আৱাস গৃহৰ পৰা।

Body: ধুবুৰীত চৰকাৰী বিষয়াৰ আৱাসত হঠাৎ অভিযান ধুবুৰী জিলা সহকাৰী শ্ৰম আয়ুক্ত আৰু সমাজ কল্যান বিভাগৰ শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষাৰ নেতৃত্বত এটা সজাতি দলৰ। কাৰণ ধুবুৰীত চৰকাৰী বিষয়াৰ ঘৰত শিশু শ্ৰমিক। দৰাচলতে ধুবুৰী জিলা গড়কপ্তানী (গৃহ) বিভাগৰ সহকাৰী অভিযন্তা দিলীপ শৰ্মাৰ এইখন চৰকাৰী আৱাস। সহকাৰী অভিযন্তা গৰাকীৰ চৰকাৰী আৱাসত বিগত চাৰি মাহ পাঁচ ছয় মাহ মান পূৰ্বে এই গৰাকী কিশোৰক অনা হৈছে কাম কৰিবলৈ। ৰন্ধাবৰা কাম কৰাৰ বাবে এই গৰাকী কিশোৰক গুৱাহাটীৰ পৰা অনা হৈছে। শিশু শ্ৰমিক এক ভয়ংকৰ অপৰাধ যদিও সহকাৰী অভিযন্তা গৰাকীয়ে শিশু শ্ৰম আইনক ভৰিৰে ভৰিৰে মোহাৰি এই গৰাকী কিশোৰৰ জৰিয়তে বিগত পাঁচ ছয় মাহৰ পৰা কাম কৰাই আহিছে। এনে এক তথ্য শ্ৰম বিভাগ আৰু সমাজ কল্যান বিভাগৰ শিশু সুৰক্ষা সমিতিয়ে লাভ কৰাৰ পিছতেই এই অভিযান চলাই উদ্ধাৰ কৰে কিশোৰ গৰাকীক। এই ক্ষেত্ৰত অভিযন্তা গৰাকীক কাইলৈ কিশোৰ গৰাকীক লৈ অভিযানকাৰী দলটোৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়াৰ লগতে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি উল্লেখ কৰে জিলা সহকাৰী শ্ৰম আয়ুক্ত আৰু সমাজ কল্যান বিভাগৰ শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষাই।

ইপিনে এই ক্ষেত্ৰত গড়কপ্তানী বিভাগৰ সহকাৰী অভিযন্তা গৰাকীৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত কিশোৰজনক চাৰি পাঁচ মাহ মান পূৰ্বে গুৱাহাটীৰ পৰা অনা হৈছে আৰু ধুবুৰীৰ কোনোবা এখন বিদ্যালয়ত ভৰ্তি কৰাই উচ্চ শিক্ষাত শিক্ষিত কৰাব বুলি দাবী কৰে। যদিওঁ আজিলৈ কিন্তু কোনো এখন বিদ্যালয়ত ভৰ্তি কৰোৱা হোৱা নাই কিশোৰ গৰাকীক। লগতে কিশোৰ গৰাকী দিলীপ শৰ্মাৰ আত্মীয় তথা ভতিজা বুলি দাবী কৰে।

ইপিনে গড়কপ্তানী বিভাগৰ সহকাৰী অভিযন্তা দিলীপ শৰ্মাৰ ভাষ্যৰ সম্পূৰ্ণ ওলোটা ভাষ্য দিলে কিশোৰ গৰাকী। তেওঁ ভাত ৰন্ধাবৰাৰ কাম কৰে আৰু তাৰ বিনিময়ত মাহেকত দুই হাজাৰ টকাকৈ আদায় দিয়ে বিষয়া দিলীপ শৰ্মাই। আনহাতে দিলীপ শৰ্মাই নিজৰ ভতিজা তথা আত্মীয় বুলি দাবী কৰিলেও কিশোৰজনে সেয়া কিন্তু অস্বীকাৰ কৰিছে। শুনক কিশোৰজনৰ মূখেৰেই।

হয়, ঠিকেই শুনিছে। প্ৰকৃততে কিশোৰ জনৰ পিতৃৰ মৃত্যুৰ পিছত মাতৃয়ে দুটা পুত্ৰ সন্তানক লৈ সংসাৰ চলাব নোৱাৰি বেলেগৰ ঘৰত কাম কৰি নিজৰ সন্তানক ভৰণ পোষণ দিয়ে। ইপিনে জানিব পৰা মতে কিশোৰ জনৰ মাতৃয়ে দিলীপ শৰ্মাৰ শহুৰেকৰ ঘৰত কাম কৰে। সেই সূত্ৰে মাহেকীয়া হিচাপে আলোচনা কৰি কিশোৰ জনক কাম কৰিবলৈ ধুবুৰীৰ চৰকাৰী আৱাস গৃহলৈ এনে সহকাৰী অভিযন্তা দিলীপ শৰ্মাই। এতিয়া শ্ৰম আৰু সমাজ কল্যান বিভাগে এই ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হব লক্ষণীয় বিষয়।

Conclusion: উল্লেখযোগ্য যে, অভিযানকাৰী দলটোৰ সৈতে থকা আৰক্ষীয়ে উল্লেখ কৰামতে, আজি ধুবুৰী গৌৰীপুৰ আৰু বিলাসিপাৰাৰ কেইবাটাও স্থানত অভিযান চলাব শ্ৰম বিভাগ আৰু সমাজ কল্যান বিভাগৰ শিশু সুৰক্ষা সমিতিৰ লগতে আৰক্ষীয়ে। আনহাতে বিলাসিপাৰাতো অভিযান চলাই দুজনকৈ কিশোৰ শ্ৰমিকক উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.