ETV Bharat / state

বেংকাৰ হোৱাৰ সপোন ধুবুৰীৰ নুৰ চাবা খাতুনৰ - SEBA

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছয়টা বিষয়ত লেটাৰ নম্বৰ সহ ৯২% নম্বৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ধুবুৰীৰ নুৰ চাবা খাতুনৰ এগৰাকী বেংকাৰ হোৱাৰ সপোন । দৰিদ্ৰ পৰিয়ালটিক চৰকাৰী পক্ষই যদি সহায় কৰে তেন্তে নুৰ চাবাৰ সপোন বাস্তৱত ৰূপায়িত হব বুলি আশা কৰা হৈছে পৰিয়ালটিয়ে ।

Assam goverment appeal to help duburi poor student

author img

By

Published : Jun 10, 2020, 6:02 PM IST

ধুবুৰী, ১০ জুন : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছয়টা বিষয়ত লেটাৰ নম্বৰ সহ ৯২% নম্বৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ধুবুৰীৰ নুৰ চাবা খাতুনৰ এগৰাকী বেংকাৰ হোৱাৰ সপোন । ছাত্ৰী গৰাকীৰ এই সাফল্যত অতিশয় সুখী শংকৰ আজান আদৰ্শ বিদ্যালয়ৰ শিক্ষকৰ লগতে পৰিয়ালটো।

Assam goverment appeal to help duburi poor student
বেংকাৰ হোৱাৰ সপোন ধুবুৰীৰ নুৰ চাবা খাতুনৰ

উল্লেখযোগ্য যে, শংকৰ আজান আদৰ্শ বিদ্যালয়ৰ পৰা এইবেলি ৭০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও ৪৪ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।
ইপিনে,ছাত্ৰী গৰাকীৰ এনে সাফল্যৰ পিছতেই আজি ধুবুৰীৰ সাংবাদিক আবুল হুছেইন,মোস্তাফিজুৰ ৰহমান,ছাহানুৰ ইছলাম আৰু সন্তোষ ৰয়ে ফুলাম গামোচা, জাপি আৰু শৰাইৰে বিশেষভাৱে সম্বৰ্ধনা জনায় ছাত্ৰী গৰাকীৰ লগতে পিতৃ মাতৃক। সাংবাদিকৰ আগত নুৰ চাবাই আশানুৰূপ ফলাফল হোৱা নাই বুলি কোৱাৰ লগতে আগন্তক দিনত এগৰাকী বেংকাৰ হোৱাৰ সপোন আছে বুলি ব্যক্ত কৰে।

ইপিনে, ধুবুৰীৰ এ এম কো ৰোডৰ বাসিন্দা তথা উইমকো মেচ ফেক্টৰীত চিকিউৰিটি পদত নিযুক্তি হৈ সামান্য দৰমহাৰে নিজৰ পৰিয়াল পোহপাল দিয়াৰ উপৰিও এগৰাকী পুত্ৰৰ লগতে দুটি কন্যা সন্তানক লিখা পঢ়াৰ খৰচ বহন কৰি অহা পিতৃ সাহিদ হুছেইন এতিয়া অসহায়। মেধা সম্পন্ন কন্যা নুৰ চাবাই বিজ্ঞান বিভাগত নাম লগাই ভৱিষ্যতে এগৰাকী বেংকাৰ হোৱাৰ সপোন দেখিছে। যদিও কন্যাৰ উচ্চ শিক্ষাৰ বাবে প্ৰয়োজনীয় ধন খিনি যোগাৰ কৰিবলৈ সমৰ্থ নাই অসহায় পিতৃ সাহিদৰ। যদি চৰকাৰে সহায় কৰে তেন্তে নুৰ চাবাৰ সপোন পূৰ্ণ হব বুলি আশা প্ৰকাশ কৰে পিতৃয়ে।

উল্লেখযোগ্য যে,নুৰ চাবাৰ ঘৰৰ অৱস্থা সুচল নহয় বাবেই মেধা সম্পন্ন নুৰ চাবাক শংকৰ আজান আদৰ্শ বিদ্যালয়ৰ পৰা বিনামূলীয়াকৈ পঢ়াৰ সুযোগ প্ৰদান কৰা হৈছিল। সেয়ে এতিয়া চৰকাৰী পক্ষই যদি নুৰ চাবাক সহায় কৰে তেন্তে নুৰ চাবাৰ সপোন বাস্তৱত ৰূপায়িত হব বুলি আশা কৰা হৈছে পৰিয়ালটিয়ে ।

লগতে পঢ়ক : শ্ৰমিকৰ কামৰ অৰ্থে কৌশল মানচিত্ৰ অংকণ কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.