ধুবুৰী, 30 জুলাইঃ বান বিধ্বস্ত ধুবুৰী জিলাত বানৰ পিচৰ পৰিস্থিতি আজিও ভয়াৱহ হৈ আছে ৷ বানত বিধ্বস্ত হৈ পৰিছে শিক্ষানুষ্ঠান,ঘৰ-বাৰী,বাট-পথকে ধৰি খেতি পথাৰ আদি ৷ দক্ষিণ শালমাৰাৰ হাজিৰহাট গাঁও পঞ্চায়তৰ 90 শতাংশ বাট-পথ বানত বিধ্বস্ত হৈ পৰিছে ৷ বানৰ ফলত অঞ্চলটোত স্থগিত হৈ পৰিছে যাতায়াত ব্যৱস্থা ৷ বানে খহাই নিছে ব্ৰহ্মপুত্ৰৰ পাৰত নিৰ্মাণ কৰা কৃষি বান্ধ ৷ গৰাখহনীয়াৰ ফলত কেইবাটাও অনুষ্ঠানলৈ ভয়ংকৰ বিপদ মাতি আনিছে ৷ শিক্ষাৰ্থীসকলৰ বাবে বিদ্যালয়লৈ যোৱাটো একপ্ৰকাৰ অসম্ভৱ হৈ পৰিছে ৷ চাওক ধুবুৰীৰ পৰা সাহানুৰ ইছলামৰ এক প্ৰতিবেদন...
বান বিধ্বস্ত ধুবুৰী জিলাত এতিয়াও অপৰিৱৰ্তিত বান পৰিস্থিতি - পৰিস্থিতি
বানত বিধ্বস্ত ধুবুৰী জিলাত আজিও অপৰিৱৰ্তিত আছে বান পৰিস্থিতি ৷ পানী গ'ল যদিও এতিয়াও সাধাৰণ হোৱা নাই ধুবুৰী জিলাৰ পৰিস্থিতি ৷
ধুবুৰী, 30 জুলাইঃ বান বিধ্বস্ত ধুবুৰী জিলাত বানৰ পিচৰ পৰিস্থিতি আজিও ভয়াৱহ হৈ আছে ৷ বানত বিধ্বস্ত হৈ পৰিছে শিক্ষানুষ্ঠান,ঘৰ-বাৰী,বাট-পথকে ধৰি খেতি পথাৰ আদি ৷ দক্ষিণ শালমাৰাৰ হাজিৰহাট গাঁও পঞ্চায়তৰ 90 শতাংশ বাট-পথ বানত বিধ্বস্ত হৈ পৰিছে ৷ বানৰ ফলত অঞ্চলটোত স্থগিত হৈ পৰিছে যাতায়াত ব্যৱস্থা ৷ বানে খহাই নিছে ব্ৰহ্মপুত্ৰৰ পাৰত নিৰ্মাণ কৰা কৃষি বান্ধ ৷ গৰাখহনীয়াৰ ফলত কেইবাটাও অনুষ্ঠানলৈ ভয়ংকৰ বিপদ মাতি আনিছে ৷ শিক্ষাৰ্থীসকলৰ বাবে বিদ্যালয়লৈ যোৱাটো একপ্ৰকাৰ অসম্ভৱ হৈ পৰিছে ৷ চাওক ধুবুৰীৰ পৰা সাহানুৰ ইছলামৰ এক প্ৰতিবেদন...
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।