19 মাৰ্চ, ধুবুৰীঃ পৰিবৰ্তনকামী চৰকাৰৰ প্ৰকৃত স্বৰূপ দাঙি ধৰিছে ৰাজ্যৰ স্বাস্থ্যখণ্ডই৷ স্বাস্থ্যখণ্ডৰ আমূল পৰিৱৰ্তনৰ শ্ল'গানেৰে ৰাজ্যত প্ৰচাৰ অব্যাহত ৰখা চৰকাৰৰ শাসন কালতেই ধুবুৰীৰ বিলাসীপাৰাৰ কেবাটাও উপ স্বাস্থ্য কেন্দ্ৰৰ অৱস্থা হৈ পৰিছে অতি শোচনীয়। বিলাসীপাৰাৰ গ্ৰামোঞ্চলত এতিয়া চিকিৎসা সেৱাৰ নামত জীয়াতু ভুগিব লগীয়া হৈছে ৰোগীয়ে।
তথ্য অনুসৰি চৰকাৰী কোষৰ লাখ লাখ টকা ব্যয় সাপেক্ষে গ্ৰামোঞ্চলৰ ৰোগীৰ বাবে নিৰ্মাণ কৰি উলিওৱা বিলাসীপাৰৰ উপস্বাস্থ্য কেন্দ্ৰ সমূহত বিগত বছৰ বছৰ ধৰি নিয়োগ কৰা নহ'ল চিকিৎসক আৰু নাৰ্চ। ক্ৰমাণ্বয়ে জহি খহি গৈছে কেন্দ্ৰ সমূহ ফলত ভূত বাংলালৈ পৰিণত হৈছে স্বাস্থ্যকেন্দ্ৰ সমূহ ৷
উল্লেখ্য যে আঠটাকৈ বছৰ অতিক্ৰম কৰা পিচতো উদমাৰী , কদমতলা, গোপীগাঁও আদিৰ স্বাস্থ্যকেন্দ্ৰ সমূহৰ অৱস্থা বৰ্তমানো শোচনীয়৷ জানিব পৰা মতে অসামাজিক কাৰ্য কলাপৰ ঘাটিত পৰিণত হৈছে কেন্দ্ৰসমূহ৷ বিকাশৰ কথা কোৱা চৰকাৰৰ শাসনতেই এইবাৰ ধুবুৰীত তথৈবচ ৰূপ স্বাস্থ্য বিভাগৰ৷