ETV Bharat / state

ক’ভিড প্ৰটকলৰ মাজেৰে সম্পন্ন অশোকাষ্টমীৰ স্নান পৰ্ব

ধুবুৰীত সোমবাৰে ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত কৰা হয় অশোকাষ্টমীৰ পৱিত্ৰ স্নান পৰ্ব ৷ ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ধৰ্মীয় ৰীতি-নীতিৰে স্নান পৰ্ব সম্পন্ন কৰে ভক্তবৃন্দই ৷

ashokastomi-snan
অশোকাষ্টমীৰ স্নান পৰ্ব
author img

By

Published : Apr 20, 2021, 2:19 PM IST

Updated : Apr 20, 2021, 11:02 PM IST

ধুবুৰী,20 এপ্ৰিল : ক'ভিড সংক্ৰমণৰ মাজতে সোমবাৰে ধুবুৰীত অনুষ্ঠিত হয় মহা অশোকাষ্টমী পূজা ৷ ধুবুৰী জিলা প্ৰশাসনে বান্ধি দিয়া কঠোৰ নিয়মাৱলীৰ মাজতে ভক্তসকলৰ বাবে ধৰ্মীয় ৰীতি-নীতিৰে অনুষ্ঠিত কৰা হয় অশোকাষ্টমীৰ পৱিত্ৰ স্নান পৰ্ব ৷

লোককথা অনুসৰি, এই দিনতোতেই মহামুনি পৰশুৰামে পিতৃৰ নিৰ্দেশমৰ্মে মাতৃক কুঠাৰেৰে হত্যা কৰাৰ অন্তত যেতিয়া নিজ হাতৰ পৰা কুঠাৰ সৰি পৰা নাছিল, তেতিয়াই মাতৃ হত্যাৰ পাপৰ পৰা মুক্তি পাবলৈ মহাবহু ব্ৰহ্মপুত্ৰত স্নান কৰি পাপ মুক্ত হৈছিল পৰশুৰামে । এই মান্যতাৰেই প্ৰাচীন যুগৰ পৰা আজি পৰ্যন্ত এই দিনটোত ব্ৰহ্মপুত্ৰত স্নান কৰাৰ পৰম্পৰা অব্যাহত আছে ৷

ashokastomi-snan
অশোকাষ্টমীৰ স্নান পৰ্ব

বিগত বৰ্ষত ক'ভিড মহামাৰীৰ বাবে পূজা সম্পন্ন কৰিব পৰা নাছিল যদিও এইবেলি পুনৰ সম্পূৰ্ণ প্ৰট'কল মানি অনুষ্ঠিত কৰা হয় পূজাৰ লগতে স্নান পৰ্ব ৷ বিগত বছৰ সমূহত দেশৰ আন আন প্ৰান্তৰ পৰা বহু ভক্তৰ সমাগম ঘটে যদিও এইবেলি ক'ভিড পৰীক্ষা সম্পন্ন কৰা ৷

ক’ভিড প্ৰটকলৰ মাজেৰে সম্পন্ন অশোকাষ্টমীৰ স্নান পৰ্ব

অৱশ্যে ক’ভিড পৰীক্ষাত নিগেটিভ ফলাফল ওলোৱা ভক্তকহে অংশগ্ৰহণ কৰাৰ বাবে অনুমতি প্ৰদান কৰা হয় এই স্নান পৰ্বত ৷ বিগত বৰ্ষসমূহত এই স্নানৰ বাবে জিলাখনত বহিঃৰাজ্যৰ পৰা বহু ভক্তৰ সমাগম ঘটে যদিও এইবেলি ইয়াৰ বিপৰীত ছবিহে পৰিলক্ষিত হয় মহাবহু ব্ৰহ্মপুত্ৰৰ পাৰত ৷

ashokastomi-snan
অশোকাষ্টমীৰ স্নান পৰ্ব

এইবেলিও ৰাজ্য তথা বহিঃৰাজ্যৰ লোক স্নানত আগভাগ লৈছে যদিও পূৰ্বৰ দৰে সমাগম নাই ভক্তবৃন্দৰ । ইফালে পূজাস্থলীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে । ক’ভিডৰ নীতি-নিয়মৰ মাজেৰেই ভক্তসকলে সম্পন্ন কৰে স্নান পৰ্ব আৰু পূজা-অৰ্চনা ।

লগতে পঢ়ক : কোনো ৰাজনৈতিক দলত যোগদান নকৰে বিপিন চাউদাঙে

Last Updated : Apr 20, 2021, 11:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.