ETV Bharat / state

ধুবুৰীৰ বন্যাৰ্তৰ কাষত ৰাজ্যপাল : আশ্ৰয় শিৱিৰত শিশুৰ আলৈ-আথানি

author img

By

Published : Jul 20, 2019, 9:25 PM IST

ৰাজ্যত ভয়ংকৰ বানৰ তাণ্ডৱ চলি থকাৰ সময়তে ধুবুৰীত উপস্থিত হয় ৰাজ্যপাল জগদীশ মুখী । ৰাজ্যপালগৰাকীয়ে বানাক্ৰান্তসকলৰ পৰ্যাপ্ত সহায়ৰ লগতে বানৰ এখন কমিটি গঠন কৰা হ'ব বুলিও মন্তব্য কৰে ।

ধুবুৰীত ৰাজ্যপাল : শিৱিৰত বানাক্ৰান্তৰ হাহাকাৰ

ধুবুৰী,২০জুলাই : প্ৰলয়ংকাৰী বানে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে । সমান্তৰালভাৱে নামনি অসমৰ ভিতৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলা হৈছে ধুবুৰী । ধুবুৰী জিলাত প্ৰায় সহস্ৰাধিক গাঁও জলমগ্ন হোৱাৰ বিপৰীতে প্ৰায় এঘাৰ লক্ষাধিক লোক বানৰ কবলত পৰিছে । এই বানাক্ৰান্তসকলৰ মাজত শনিবাৰে ধুবুৰীত উপস্থিত হয় ৰাজ্যপাল জগদীশ মুখী । দুপৰীয়াৰ ভাগত বিশেষ হেলিকপ্টাৰ যোগে আকাশ মাৰ্গেৰে ৰাজ্যপাল গৰাকীয়ে পানবাৰী বি এছ কেম্পত উপস্থিত হৈ স্থল পথেৰে গৌৰীপুৰৰ পি চি ইনষ্টিটিউটৰ এখন বান শিবিৰ পৰিদৰ্শন কৰাৰ লগতে ধুবুৰীৰ বি চি মেমৰিয়েল এম ই স্কুল আৰু ধুবুৰী চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি তিনিখনকৈ বান শিবিৰ পৰিদৰ্শন কৰি বানাক্ৰান্তৰ সৈতে মত বিনিময় কৰে ৰাজ্যপাল গৰাকীয়ে । আনহাতে সংবাদ মাধ্যমৰ আগত চৰকাৰ তথা জিলা প্ৰশাসনে তৎকালীনভাৱে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰাৰ লগতে পানী কমি যোৱাৰ লগে-লগে শিবিৰত থকা বানাক্ৰান্ত পৰিয়ালক ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰি বান সাহায্য, চিকিৎসা সেৱা আদি সকলো সুবিধা প্ৰদানৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে ৰাজ্যপাল জগদীশ মুখীয়ে । ইপিনে এই বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা প্ৰসংগ উপস্থাপন কৰি ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিলেই সমস্যা সমাধান নহয় বুলি কৈ কেন্দ্ৰীয় চৰকাৰে অসমৰ বান পৰিস্থিতিক লৈ ৰাষ্ট্ৰীয় পৰ্য্যায়ত এখন কমিটি গঠন কৰি ভূটান আৰু চীনৰ লগত আলোচনা কৰি অসমৰ বান সমস্যাৰ স্থায়ী সমাধান কৰাৰ চেষ্টা কৰি আছে বুলি মন্তব্য কৰি অতি শীঘ্ৰে ইয়াৰ সমাপ্তি ঘটিব বুলিও উল্লেখ কৰে । এই বানপানীক লৈ কোনো ৰাজনৈতিক ৰং নলগাবলৈ সংবাদ মাধ্যমক বিশেষভাৱে জনায় ৰাজ্যপাল জগদীশ মুখীৰ ।

আনহাতে, ধুবুৰীৰ ফকিৰগঞ্জ অঞ্চলৰ জয়েন উদ্দিন নামৰ লোকজনৰ ঘৰৰ চালি লৈকে পানী হোৱাত উপায়ন্তৰ হৈ এসপ্তাহ পূৰ্বে ধুবুৰী চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বান শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে পৰিয়ালটোৱে । কিন্তু বিগত এটা সপ্তাহে শিশু দুটিৰ বাবে জিলা প্ৰশাসনে যোগান ধৰা নাই কোনো শিশু খাদ্য । দুটাকৈ যমজ সন্তান জন্ম দিয়া মাতৃ হালিমা খাতুনে উল্লেখ কৰা মতে গাখীৰৰ অভাৱত ভোকাতুৰ শিশু দুটিয়ে এতিয়া দিনে-ৰাতিয়ে ক্ৰন্দৰত আৱস্থাত থাকে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.