ETV Bharat / state

Awareness program against drugs : ধুবুৰীত ড্ৰাগছ বিৰোধী সজাগতা সভাৰ আয়োজন - ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিক্ৰী বন্ধ কৰা

ধুবুৰীৰ হাজাৰি গাঁৱত ড্ৰাগছৰ বিৰুদ্ধে আয়োজন কৰা হয় এখনি সজাগতা সভা । এই সভাত ড্ৰাগছৰ ফলত হ’ব পৰা বিপদৰ লগতে কেনেকৈ ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা ভৱিষ্যৎ প্ৰজন্মক উদ্ধাৰ কৰিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰা হয় ৷

Awareness program against drugs
হাজাৰি গাঁৱত আয়োজন কৰা হয় এখন বিশেষ সজাগতা সভা
author img

By

Published : Jul 31, 2023, 7:54 AM IST

হাজাৰি গাঁৱত আয়োজন কৰা হয় এখন বিশেষ সজাগতা সভা

ধুবুৰী, 31 জুলাই : দেওবাৰে ধুবুৰীৰ হাজাৰি গাঁৱত আয়োজন কৰা হয় এখন বিশেষ সজাগতা সভা ৷ এই সভাখনৰ মূল উদ্দেশ্য হ’ল ধুবুৰী জিলাত ড্ৰাগছ সেৱন কৰা লগতে ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিক্ৰী বন্ধ কৰা ৷ এই সজাগতা সভাখনিত কেনেকৈ ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ প্ৰচলন সমগ্ৰ ধুবুৰী জিলাত বন্ধ কৰিব পাৰি, লগতে উঠি অহা নৱ-প্ৰজন্মৰ সু-ভৱিষ্যৎ কেনেদৰে গঢ় দিব পাৰি আদি বিভিন্ন দিশ সামৰি সেই সন্দৰ্ভত কেবাজনো বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে ৷

তাৰোপৰি ধুবুৰী এ এম কোঃ ৰোড আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এম. এছ. হুছেইন আৰু সমাজ সেৱক মোজাম্মেল হকেও ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য সেৱনৰ ফলত হ’ব পৰা বিভিন্ন বিপদৰ কথা বিতংভাৱে পৰামৰ্শ আগবঢ়ায় । আনহাতে, অঞ্চলটোৰ কেবাজনো স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত কয় যে বিগত এটা সময়ত হাজাৰি গাঁওখনৰ এটা সুনাম আছিল ৷ কিন্তু এতিয়া সেই সুনাম নাই । একাংশ যুৱকে ড্ৰাগছ সেৱন কৰাৰ লগতে অঞ্চলটোত ড্ৰাগছৰ প্ৰচলনৰ মাত্ৰা অধিক হোৱাৰ বাবে এতিয়া ঐতিহাসিক গাঁওখনলৈ বদনাম আহি পৰিছে ।

আনকি বর্তমান হাজাৰিগাঁও, এ এম কোঃ ৰোড, কছুমুদ্দিন মোড়, ভাষানীচৰ আদি অঞ্চলটোৰ বিভিন্ন অঞ্চলৰ যুৱকসকলেও নিষিদ্ধ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য সেৱন কৰি নিজৰ ভৱিষ্যত জীৱনক অন্ধকাৰ জগতলৈ ঠেলি দিছে বুলি ভাষণত উল্লেখ কৰে কেবাজনো সচেতন লোকে ৷ লগতে তেওঁলোকে ইয়াৰ পৰা ৰক্ষা পাবলৈ কেইবালানি পৰামৰ্শও আগবঢ়ায় ।

ইপিনে একাংশ নিচাজাতীয় টেবলেট ড্ৰাগছ সেৱন আৰু বিক্ৰী কৰা লোকসকলৰ বাবে সুস্থ সমাজখনত অশান্তিৰ বাতাবৰণৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে বুলি আক্ষেপ প্ৰকাশ কৰে স্থানীয় সচেতন ব্যক্তিসকলে । অৱশ্যে নৱ প্ৰজন্মৰ সোণালী জীৱন অন্ধকাৰ সমাজলৈ ঠেলি দিয়া একাংশ ড্ৰাগছ আসক্ত আৰু ব্যৱসায়সকলৰ বিৰুদ্ধে অতিশীঘ্ৰই সকলো মিলি আৰু ৰাইজৰ সহায়-সহযোগিতাত অভিযান আৰম্ভ কৰা হ’ব বুলি সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

উল্লেখ্য যে, দেওবাৰে আয়োজন কৰা এই সজাগতামূলক সভাখনত স্থানীয় বহু যুৱক-যুৱতীৰ লগতে অভিভাৱকসকলো উপস্থিত থাকে ৷

লগতে পঢ়ক : ULFA(I) Linkman arrested: আৰক্ষীৰ গুলীয়ে ভেদিলে আলফা (স্বাঃ)ৰ লিংকমেলৰ ভৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.