ETV Bharat / state

থানাত আত্মহত্যাৰ চেষ্টা মহিলা অভিযুক্তৰ - আৰক্ষীৰ জিম্মা

থানাৰ ভিতৰতে এগৰাকী মহিলা অভিযুক্তই আত্মহত্যাৰ চেষ্টা চলায় ৷ স্বামী হত্যাৰ সৈতে জড়িত আছিল মহিলাগৰাকী ৷

An accused woman attempted suicide inside a police station
থানাৰ ভিতৰতে আত্মাহত্যা চেষ্টা এগৰাকী মহিলা অভিযুক্তৰ
author img

By

Published : Jul 11, 2021, 1:52 PM IST

পশ্চিম বিলাসীপাৰা, 11 জুলাই : বিলাসীপাৰা থানাত শনিবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ থানাৰ ভিতৰতে এগৰাকী অভিযুক্তই আত্মহত্যাৰ চেষ্টা কৰে ৷ স্বামী হত্যাৰ অপৰাধত তিনিদিনৰ বাবে বিলাসীপাৰা আৰক্ষীৰ জিম্মাত আছিল এগৰাকী মহিলা ৷

আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, কিছুদিনৰ পূৰ্বে নয়াহাট ভোলাৰগাঁও নিবাসী মমেনা বেগম নামৰ এগৰাকী মহিলাই স্বামীক হত্যা কৰিছিল ৷ যোৱা 6 জুলাইত সংঘটিত হৈছিল সেই চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ এই হত্যাকাণ্ডৰ অপৰাধতে মহিলাগৰাকীক বিলাসীপাৰা আৰক্ষীয়ে আটক কৰে ৷

থানাত আত্মহত্যাৰ চেষ্টা মহিলা অভিযুক্তৰ

উল্লেখ্য যে, স্বামী ছাদেক আলীক হত্যা কৰাৰ অপৰাধত যোৱা 8 জুলাইত মমেনা বেগমক আটক কৰে বিলাসীপাৰা আৰক্ষীয়ে ৷ ইয়াৰ পাচতে তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত আছিল মহিলাগৰাকী ৷ শনিবাৰে হঠাৎ থানাৰ দায়িত্বত থকা আৰক্ষীক অৱগত কৰি মহিলাগৰাকীয়ে Washroom লৈ গৈছিল ৷

সেই সময়তে সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা ৷ বহু সময়লৈকে Washroom ৰ পৰা মহিলাগৰাকী ওলাই নহাত সন্দেহ হৈছিল আৰক্ষীৰ ৷ ইয়াৰ পাচতে কোনো উপায়েৰে মহিলা গৰাকীক উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে সদৰী কৰা মতে, মহিলা অভিযুক্ত গৰাকীয়ে Washroom ৰ ভিতৰতে আত্মহত্যাৰ চেষ্টা কৰিছিল ৷

উদ্ধাৰ কৰা মহিলা গৰাকীক তাৎক্ষণিকভাৱে বিলাসীপাৰা সহকাৰী স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে আৰক্ষীয়ে ৷ বৰ্তমান মহিলা অভিযুক্ত গৰাকীক উন্নত চিকিৎসাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ এই ঘটনাৰ পাচতে বিলাসীপাৰা থানাৰ অন্তৰ্গত অঞ্চলত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ থানাৰ ভিতৰত তথা আৰক্ষীৰ জিম্মাত থকা অৱস্থাত অভিযুক্ত গৰাকীয়ে কিদৰে থানাৰ ভিতৰতে আত্মহত্যাৰ চেষ্টা চলাবলৈ সুবিধা পালে, তাকলৈও বিভিন্নজনৰ মাজত প্ৰশ্ন উত্থাপন হৈছে ৷

লগতে পঢ়ক: মৰিগাঁও ধৰ্ষণ আৰু হত্যাৰ গোচৰ: পাঠাক লৈ চৰজমিন তদন্ত আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.