ETV Bharat / state

ধুবুৰীত মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত ৩০৪ খন বিদ্যালয়

author img

By

Published : Nov 13, 2019, 10:38 AM IST

উল্লেখ্য যে, ৰাজ্য চৰকাৰে বহিৰাগত বেচৰকাৰী সংস্থা তথা NGOক ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ দুপৰীয়াৰ আহাৰ যোগান ধৰাৰ দায়িত্ব অৰ্পণ কৰাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ ।

ধুবুৰীত মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত ৩০৪ খন বিদ্যালয়

ধুবুৰী, 13 নৱেম্বৰঃ হাটশিঙিমাৰীত আমছুৰ সজাগতা সভা । সভাত বহিৰাগত NGOৰ পৰিৱৰ্তে, পূৰ্বৰ দৰে বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনৰ দায়িত্ব প্ৰদানৰ দাবী । মঙলবাৰে দক্ষিণ শালমৰাৰ মানকাচাৰ জিলা সদৰ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা শ্বহীদ কনকলতা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত দক্ষিণ শালমৰা মানকাচাৰ জিলা আমছুৱে অনুষ্ঠিত কৰে সজাগতা সভা ।

শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা আমছুৱে জিলা উপায়ুক্তৰ জৰিয়তে বিষয়টো চৰকাৰক অৱগত কৰিছে

উল্লেখ্য যে, ৰাজ্য চৰকাৰে বহিৰাগত বেচৰকাৰী সংস্থা তথা NGOক ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ দুপৰীয়াৰ আহাৰ যোগান ধৰাৰ দায়িত্ব অৰ্পণ কৰাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ । হাটশিঙিমাৰীত "কেৰিয়াৰ ইডুকেশ্যন ছ'চাইটি" নামৰ এটা বেচৰাকাৰী সংস্থাই বিগত কেইবাদিন ধৰি যোগান ধৰি আহিছিল মধ্যাহ্ন ভোজন ৷ কিন্তু বিগত বহু কেইদিন ধৰি বেচৰকাৰী সংস্থাটোৰ খাদ্য প্ৰস্তুতৰ মেচিন বিকল হোৱাত জিলাখনৰ ছাত্ৰ-ছাত্ৰীয়ে মধ্যাহ্ন ভোজনৰ দুপৰীয়াৰ আহাৰৰ পৰা বঞ্চিত হৈ আছে ৷ যাক লৈ জিলাখনত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ । এই সন্দৰ্ভত শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা আমছুৱে জিলা উপায়ুক্তৰ জৰিয়তে বিষয়টো চৰকাৰক অৱগত কৰিছে যদিও চৰকাৰে তৎকালীনভাবে কোনো বিহীত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত বৰ্তমানলৈকে মধ্যাহ্ন ভোজনৰ খাদ্যৰ পৰা বঞ্চিত হৈ আছে জিলাখনৰ ৩০৪ খন বিদ্যালয়ৰ প্ৰায় ৫০ হাজাৰ ছাত্ৰ-ছাত্ৰী ।

Intro:হাটশিঙিমাৰীত আমছুৰ সজাগতা সভা। বহিঃৰাগত এন জি ওৰ পৰিৱৰ্তে পূৰ্বৰ দৰে বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনৰ দায়িত্ব প্ৰদানৰ দাবী। বিক্ষোভ স্কুলৰ ৰান্ধনী।Body: ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ দুপুৰীয়াৰ আহাৰৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা শ্বহীদ কনকলতা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত দক্ষিণ শালমাৰা মানকাচৰ জিলা আমছুৱে এক বিশাল সজাগতা সভা অনুষ্ঠিত কৰে।
উল্লেখ্য যে, ৰাজ্য চৰকাৰে বহিৰাগত বেচৰকাৰী সংস্থা তথা এন জি অক ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ দুপুৰীয়াৰ আহাৰ যোগান দিয়াৰ দায়িত্ব অৰ্পণ কৰাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ। ছ'চাইটী'য়ে ভেজাল আৰু কম পৰিমাণ মধ্যাহ্ন ভোজনৰ খাদ্য বিদ্যালয়সমূহত যোগান দিয়াত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে নতুনকৈ গঠন হোৱা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৩০৪ খন বিদ্যালয়ৰ প্ৰায় ৫০ হেজাৰ জন ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ খাদ্য বিতৰণৰ যোগান লাভ কৰা "কেৰিয়াৰ ইডুকেশন ছ'চাইটী" নামৰ এন জি অ টোৰ আজি কেইবাদিন ধৰি খাদ্য প্ৰস্তুতৰ মেচিন বিকল হোৱাত জিলাখনৰ ছাত্ৰ-ছাত্ৰীয়ে মধ্যাহ্ন ভোজনৰ দুপুৰীয়াৰ আহাৰৰ পৰা বঞ্চিত হৈ আছে আৰু ইয়াকে লৈ জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা আমছুৱে জিলা উপায়ুক্তৰ জৰিয়তে বিষয়টো চৰকাৰক অৱগত কৰিছে যদিও চৰকাৰে তৎকালীন ভাবে কোনো বিহীত ব্যৱস্থা নকৰাৰ ফলত বৰ্তমানলৈকে মধ্যাহ্ন ভোজনৰ খাদ্যৰ পৰা বঞ্চিত হৈ আছে জিলাখনৰ ৩০৪ খন বিদ্যালয়ৰ প্ৰায় ৫০ হেজাৰ জন ছাত্ৰ-ছাত্ৰী।

ইফালে, জিলাখনৰ বিভিন্ন বিদ্যালয়ত কৰ্মৰত ৰান্ধনী বিলাকক চৰকাৰে তেওঁলোকৰ প্ৰাপ্য আদায় নিদিয়াৰ পৰিৱৰ্তে তেওঁলোকক ৰান্ধনী চাকৰিৰ দায়িত্বৰ পৰা বহিস্কাৰ কৰিব বুলি উমান পাই ৰান্ধনী বিলাক হাবাথুৰি খাইছে আৰু চৰকাৰৰ প্ৰতি ক্ষোভিত হৈ পৰিছে ৰান্ধনী বিলাকে।

শেহতীয়াকৈ, ৰান্ধনী বিলাকৰ চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা বৃদ্ধি কৰাৰ লগতে মধ্যাহ্ন ভোজনৰ দুপুৰীয়াৰ আহাৰ পূৰ্বৰ দৰে বিদ্যালয়সমূহত দায়িত্ব প্ৰদান কৰাৰ লগতে যদি এন জি ওক দিয়ে তেন্তে স্থানীয় এন জি ওক দায়িত্ব দিয়াৰো দাবী উত্থাপন কৰে আজিৰ সভাই।

Byte:- শফিকুল ইছলাম, সভাপতি,
দক্ষিণ শালমাৰা মানকাচৰৰ জিলা আমছু। Conclusion:এতিয়া জিলা প্ৰশাসন অথবা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াই লক্ষণীয় বিষয় হৈ পৰিছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.