ETV Bharat / state

ধুবুৰীত বোৱাৰীক হত্যা কৰাৰ অভিযোগ - Domestic violence in Assam

ধুবুৰীত বোৱাৰী হত্যাৰ অভিযোগ । পৰিয়ালৰে মিলি পৰিকল্পিতভাৱে নিজ পত্নীক হত্যা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে । ডেৰবছৰ পূৰ্বে বিয়া হৈ স্বামী গৃহলৈ যোৱা জাহিদা খাতুন আৰু জীৱিত অৱস্থাত ঘূৰি নাহিল পিতৃ গৃহলৈ । বোৱাৰীগৰাকীৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ ।

Allegedly murdered daughter-in-law in Dhubri
ধুবুৰীত বোৱাৰীক হত্যা কৰাৰ অভিযোগ
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 5:34 PM IST

ধুবুৰীত বোৱাৰীক হত্যা কৰাৰ অভিযোগ

ধুবুৰী,২১ নৱেম্বৰ: ধুবুৰীৰ গৌৰীপুৰত চাঞ্চল্যকৰ ঘটনা । গৌৰীপুৰৰ শিলাই পাৰ অঞ্চলৰ জাহিদা খাতুন নামৰ এইগৰাকী যুৱতীৰ ডেৰ বছৰ পূৰ্বে ধুবুৰীৰ ভাষানিৰ চৰৰ প্ৰথম খণ্ড গাঁৱৰ আবুল শেখ নামৰ লোকজনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল । বিয়াৰ পিছৰে পৰাই স্বামী আবুল শ্বেখে জাহিদাৰ ওপৰত বিভিন্ন অজুহাত লৈ নিৰ্যাতন চলাই অহাৰ এক গুৰুতৰ অভিযোগ আছিল ।

এনে নিৰ্যাতন চলি থকাৰ মাজতে সোমবাৰে নিশা আহাৰ গ্ৰহণৰ পিছত বিচনালৈ যায় জাহিদা খাতুন । কিন্তু খন্তেক পিছতেই জাহিদাক মৃত অৱস্থাত বিচনাত উদ্ধাৰ হোৱা বুলি পৰিয়ালে জানিবলৈ দিয়ে । লগে লগে সৃষ্টি হয় এক হুৱাদুৱা পৰিৱেশৰ। খবৰ লাভ কৰাৰ মাত্ৰকে জাহিদাৰ পিতৃ পৰিয়ালে উপস্থিত হয় জাহিদাৰ স্বামী গৃহত। জাহিদাক পৰিকল্পিতভাৱে হত্যাৰ অভিযোগ উত্থাপন কৰি পিতৃ পৰিয়ালে আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ।

ইতিমধ্যে আৰক্ষীয়ে জাহিদাৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰি আৰম্ভ কৰিছে তদন্ত। কিন্তু বৰ্তমানলৈ আৰক্ষীয়ে স্বামী তথা স্বামীসহ কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই । আন এক অভিযোগ অনুসৰি জাহিদাৰ ইচ্ছাৰ বিৰুদ্ধে গৰ্ভপাত কৰাইছিল স্বামী পৰিয়ালে। উল্লেখ্য যে, ডেৰ বছৰ পূৰ্বে স্বামীৰ সৈতে সুখৰ সংসাৰ গঢ়াৰ সপোন লৈ স্বামী গৃহত ভৰি দিছিল জাহিদা খাতুনে।

কিন্তু কম বয়সতেই জাহিদাৰ সকলো সপোন মুহুৰ্ত্বতে তচনচ হৈ গ'ল ৷ দীর্ঘ দিনে নিৰ্যাতন চলাই পৰিয়ালৰে মিলি স্বামী আবুলে পৰিকল্পিতভাৱে পত্নী জাহিদাক হত্যা কৰাৰ গুৰুতৰ অভিযোগ জাহিদাৰ পিতৃ পৰিয়ালৰ। অৱশ্যে এয়া হত্যা নে সাধাৰণ মৃত্যু সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ'ব। প্রকৃততে যদি এয়া হত্যাকাণ্ড তেন্তে এই ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক: পুত্ৰই কোৰৰ নালেৰে মৰিয়াই হত্যা কৰিলে পিতৃক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.