ETV Bharat / state

Rice scam in public distribution system: বাংলাদেশলৈ যায় ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল !

ধুবুৰীৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বগা চাউল যায় বাংলাদেশলৈ(Rice scam in public distribution system) । সোমবাৰে ধুবুৰী আৰক্ষীয়ে অভিযান চলাই এই চক্ৰটোৰ সৈতে জড়িত থকাৰ লগতে FCI ৰ চাউল কঢ়িওৱা ট্ৰাকৰ পৰা ধন সংগ্ৰহৰ অভিযোগত 6 জনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ পিছতেই এই তথ্য সদৰী কৰে ধুবুৰী আৰক্ষীয়ে ।

Rice scam in Dhubri
বগা চাউলৰ ক'লা বেপাৰ! বাংলাদেশলৈ যায় অসমৰ চাউল
author img

By

Published : Jul 6, 2022, 10:02 PM IST

ধুবুৰী, 6 জুলাই : দীৰ্ঘদিন ধৰি ধুবুৰীত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বগা চাউলৰ ক'লা বেহা চলি অহাৰ অভিযোগ উত্থাপিত হৈছে (Rice scam in Dhubri) । তেনে সময়তে বিভিন্ন আঁচনিৰ চাউলৰ কিছু অংশ ধুবুৰীস্থিত ভাৰতীয় খাদ্য নিগমৰ পৰা নদী পথেৰে বাংলাদেশলৈ লৈ যোৱা হয় বুলি এক গোপন তথ্যৰ জৰিয়তে খবৰ লাভ কৰে ধুবুৰী আৰক্ষীয়ে(Assam rice allegedly send to Bangladesh) ৷

ধুবুৰীৰ এটা স্থানীয় চক্ৰৰ বিৰুদ্ধে বাংলাদেশলৈ চাউলৰ চোৰাং চালানৰ উপৰিও ভাৰতীয় খাদ্য নিগমৰ চাউল কঢ়িওৱা ট্ৰাকৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ লাভ কৰে ধুবুৰী আৰক্ষীয়ে ।

ইফালে, সোমবাৰে ধুবুৰী আৰক্ষীয়ে অভিযান চলাই এই চক্ৰটোৰ সৈতে জড়িত থকাৰ লগতে FCI ৰ চাউল কঢ়িওৱা ট্ৰাকৰ পৰা ধন সংগ্ৰহৰ অভিযোগত 6 জনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ পিছতেই এই তথ্য সদৰী কৰে ধুবুৰী আৰক্ষীয়ে । আনহাতে, ভাৰতীয় খাদ্য নিগমৰ পৰা ছয়জনকৈ লোকক গ্ৰেপ্তাৰ পিছতেই আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ট্ৰাক চালক আৰু মালিক সন্থাই ।

বগা চাউলৰ ক'লা বেপাৰ! বাংলাদেশলৈ যায় অসমৰ চাউল

উল্লেখ্য যে, ধুবুৰীৰ ট্ৰাক মালিক সন্থা আৰু চালক সন্থাৰ এটা চক্ৰই ভাৰতীয় খাদ্য নিগমৰ চাউল কঢ়িওৱা ট্ৰাকৰ পৰা দৈনিক অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে । এনে অভিযোগৰ ভিত্তিত ধুবুৰী কলেজ নগৰ আৰক্ষীয়ে অভিযান চলাই সোমাবাৰে আটক কৰে ছয়জনকৈ লোকক । ধৃত লোক কেইজন হৈছে ক্ৰমে লোকমান আলী, সঞ্জীৱ কুমাৰ দাস, জাহিদুৰ ৰহমান, ৰাজ আহমেদ, আনোৱাৰ আকন্দ আৰু নুৰ মহম্মদ ।

ধুবুৰী আৰক্ষীয়ে ৩৫০/২২ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৪২০/৩৮৬/৪০৬/৪৬৮/৪৭১/৪০৯/৩৪ ধাৰাৰ গোচৰ ৰুজু কৰাৰ লগতে আটাইকেইজনক গ্ৰেপ্তাৰ কৰি মঙলবাৰে আদালতত হাজিৰ কৰায় ধুবুৰী আৰক্ষীয়ে । ইয়াৰ পিছত আদালতে আটাইকেইজনকে জেল হাজোতলৈ প্ৰেৰণ কৰে । গ্ৰেপ্তাৰৰ পিছতেই আৰক্ষীয়ে লোককেইজনক সৈতে সোধ-পোছ কৰাত বাংলাদেশলৈ বগা চাউলৰ চোৰাং চালান দিয়াৰ এক গোপন তথ্য লাভ কৰে ধুবুৰী আৰক্ষীয়ে ।

আনহাতে, এই বৃহৎ চক্ৰৰ সৈতে একাংশ চৰকাৰী লোক বা কোনোবা এজেঞ্চি লোকো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । ইতিমধ্যে এই সন্দৰ্ভত ধুবুৰী জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ফালৰ পৰাও ধুবুৰী বি এন কলেজ নগৰ আৰক্ষী চকীত অভিযোগ দাখিল কৰা হৈছে ।

ইপিনে, ট্ৰাকৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগত ট্ৰাক চালক আৰু মালিক সন্থাৰ সভাপতি সম্পাদকসহ ছয়জনক ভুৱা গোচৰেৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ তুলি ভাৰতীয় খাদ্য নিগমৰ গুদাম ঘৰৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে(Truck Drivers and Owners Association Protest at Dhubri) । শীঘ্ৰেই আটাইকেইজনক বিনাচৰ্তে মোকলাই দিয়াৰ দাবী উত্থাপন কৰাৰ লগতে আৰক্ষীয়ে লাভ কৰা সকলো অভিযোগ খণ্ডন কৰি গৌৰীপুৰত নতুনকৈ গঢ়ি উঠা এটা দালাল চক্ৰই এক চক্ৰান্ত ৰচনা কৰিছে বুলি অভিযোগ তুলি আৰক্ষী আৰু দালাল চক্ৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

ইপিনে, চাউল কঢ়িওৱা ট্ৰাকৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ খণ্ডন কৰি সন্থাৰ প্ৰস্তাৱ মৰ্মেই তথা ধুবুৰী পৌৰসভাৰ অনুমতি সাপেক্ষে নিৰ্ধাৰিত হাৰত ধন সংগ্ৰহ কৰা হয় । যদিও এই ক্ষেত্ৰত সম্পূৰ্ণ বৈধভাবে ধন সংগ্ৰহ কৰা হয় আৰু এই ধন সন্থাৰ পুঁজিত জমা ৰখা হয় বুলি উল্লেখ কৰে ট্ৰাক চালক আৰু মালিক সন্থাই ।

ইফালে, আটকাধীন লোককেইজনক মোকলাই নিদিয়া পৰ্যন্ত ভাৰতীয় খাদ্য নিগমৰ চাউল সৰবৰাহ বন্ধ ৰখাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে । সম্প্ৰতি এই সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে ।

লগতে পঢ়ক : গৰাখহনীয়াত এসপ্তাহত উছন হ’ল ১৫ টাকৈ পৰিয়ালৰ ঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.