ধুবুৰী, 10 ডিচেম্বৰ : ধুবুৰী জাহাজ বন্দৰত শিল, কয়লাৰ বৃহৎ ছিণ্ডিকেটৰ অভিযোগ ৷ বহিৰাগত A2Z EXIM নামৰ এটা প্ৰতিষ্ঠানৰ চাৰিজন লোকৰ নেতৃত্বত এই ছিণ্ডিকেট চলাৰ অভিযোগ ৷ ধুবুৰী জাহাজ বন্দৰত A2Z EXIM নামৰ প্ৰতিষ্ঠানটোৰ ছিণ্ডিকেটৰ বিৰোধিতা কৰি ৰপ্তানী প্ৰতিনিধিয়ে বিগত এমাহে বাংলাদেশলৈ বন্ধ কৰি ৰাখিছে শিল, কয়লাৰ ৰপ্তানি ৷ ৰপ্তানী প্ৰতিনিধিৰ গোচৰৰ ভয়ত প্ৰায় তিনি সপ্তাহ পলাই থাকি দেওবাৰে আৰক্ষী থানাত হাজিৰ হ’ল ছিণ্ডিকেটৰ চাৰি অভিযুক্ত ৷
ধুবুৰী সদৰ আৰক্ষী থানাত হাজিৰ হ’ল A2Z EXIM নামৰ প্ৰতিষ্ঠানটোৰ ছিণ্ডিকেটৰ নেতৃত্ব দিয়া চাৰি অভিযুক্ত ৷ আজি ধুবুৰী সদৰ আৰক্ষী থানাত হাজিৰ হ’ল A2Z EXIM কোম্পানীৰ বিজনেজ ডেভেলপাৰ ছোহেল কাজানি, ৰিজুমণি তালুকদাৰ, এলিনা আহমেদ আৰু অংশুমান নামৰ ব্যক্তিগৰাকী ৷ ধুবুৰী জাহাজ বন্দৰত চলি থকা A2Z EXIM প্ৰতিষ্ঠানৰ ছিণ্ডিকেটৰ বিৰুদ্ধে 18 নৱেম্বৰত ধুবুৰী সদৰ আৰক্ষী থানাত ৰুজু হৈছিল এক গোচৰ ৷
এই গোচৰৰ ভিত্তিত ইতিমধ্যে দুসপ্তাহ পূৰ্বে A2Z EXIM প্ৰতিষ্ঠানৰ সৈতে জড়িত জাহিদুল আলম আৰু জাহিদ খন্দকাৰক গ্ৰেপ্তাৰ কৰি জেল হাজোত লৈ প্ৰেৰণ কৰিছে ধুবুৰী আৰক্ষীয়ে ৷ কিন্তু একেই গোচৰত সাঙোৰ খোৱা এই চাৰি মূল অভিযুক্ত গ্ৰেপ্তাৰৰ ভয়ত পলাতক অৱস্থাত আছিল ৷ উচ্চ ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন জমিন লাভ কৰি আজি ধুবুৰী সদৰ আৰক্ষী থানাত হাজিৰ হয় চাৰি অভিযুক্ত ৷
উল্লেখ্য যে, ভাৰত, ভূটান আৰু বাংলাদেশৰ সৈতে হোৱা এক ত্ৰিপাক্ষিক চুক্তিৰ ভিত্তিত IWAI ৰ ধুবুৰী জাহাজ বন্দৰৰ পৰা বাংলাদেশলৈ আৰম্ভ হৈছিল শিল, কয়লাৰ ৰপ্তানি ৷ প্ৰথমৱস্থাত সকলো ঠিকে ঠাকেই চলিছিল ৷ কিন্তু যোৱা 25 আগষ্টত IWAI ৰ সৈতে হোৱা এক চুক্তিৰ ভিত্তিত ধুবুৰী জাহাজ বন্দৰৰ দায়িত্ব লাভ কৰে মুম্বাইৰ A2Z EXIM প্ৰতিষ্ঠানে ৷ দায়িত্ব পোৱাৰ লগে লগে শিল, কয়লা ৰপ্তানী প্ৰতিনিধিৰ ওপৰত পৰিল মাধমাৰ ৷
অভিযোগ অনুসৰি প্ৰতি টন কয়লাৰ বাবদ A2Z প্ৰতিষ্ঠান অৰ্থাৎ ছোহেল কাজানি এণ্ড কোম্পানীয়ে 900 টকাকৈ দাবী কৰে ৷ তদুপৰি প্ৰতি টন শিলৰ বাবদ 300-400 টকাকৈ গুণ্ডাটেক্স সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপন হৈছে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ৷ আনকি এই গুণ্ডাটেক্স আদায় নিদিলে ছোহেল কাজানিয়ে বন্ধ কৰি দিয়ে বন্দৰৰ ৰপ্তানীৰ সকলো কাম-কাজ ৷
বন্দৰৰ সকলো ৰপ্তানী প্ৰতিনিধিয়ে এই চাৰি অভিযুক্তৰ কৰ্ম-কাণ্ডত অতিষ্ঠ হৈ আৰক্ষী থানাত গোচৰ তৰাই নহয়, IWAI ক অভিযোগ দিয়াৰ উপৰিও জিলা প্ৰশাসনক দাখিল কৰে অভিযোগ ৷ এতিয়া আৰক্ষী আৰু IWAI কৰ্তৃপক্ষৰ তদন্তৰ পিছত কি কি তথ্য পোহৰলৈ আহে সেয়া লক্ষণীয় হ’ব ৷
লগতে পঢ়ক : APSC কেলেংকাৰীত নাম সাঙোৰ খোৱা নন্দ বাবু সিঙক গ্ৰেপ্তাৰ