ধুবুৰী, 22 মে’: সদৌ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ(All Assam Garia Maria Desi Jatiya Parishad) ধুবুৰী জিলা সভাপতিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Mozammel Haque arrested in Dhubri)। গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ জিলা সভাপতি মোজাম্মেল হকক দেওবাৰে ধুবুৰী আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতৰ কাষতেই আৰক্ষীৰ বিৰুদ্ধে মূর্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ।
ধুবুৰী আৰক্ষীক আক্ৰমণৰ লগতে আৰক্ষীৰ বাহন ক্ষতি সাধন কৰাৰ অভিযোগত অভিযুক্তক ৰক্ষণাবেক্ষণ আৰু আৰক্ষীৰ কৰ্তব্য পালনৰ বাধা দিয়া আদি বিভিন্ন অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সভাপতি মোজাম্মেল হকক । শনিবাৰে নিশা মোজাম্মেল হকৰ নিজা বাসগৃহৰ পৰাই ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে ।
উল্লেখ্য যে, কিছুদিন পূৰ্বে ধুবুৰী সদৰ থানাৰ অন্তৰ্গত আদাবাৰী অঞ্চলত এহাল প্ৰেমিক-প্ৰেমিকাৰ প্ৰেমজনিত ঘটনাক লৈ সৃষ্টি হৈছিল উত্তেজনাৰ । একাংশ উত্তেজিত লোকে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছিল । উক্ত ঘটনাত আৰক্ষীক কৰ্তব্য পালনত বাধা প্ৰদান আৰু আৰক্ষীক আক্ৰমণ কৰা একাংশ দোষী ব্যক্তিক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত আৰক্ষীয়ে ধুবুৰী সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৫৭/২২ নম্বৰত মোজাম্মেল হকৰ বিৰুদ্ধে এক গোচৰ ৰুজু হৈছিল ।
উক্ত গোচৰৰ ভিত্তিত শনিবাৰে নিশা ধুবুৰী আৰক্ষীয়ে মোজাম্মেল হকক গ্ৰেপ্তাৰ কৰি দেওবাৰে ধুবুৰী আদালতত হাজিৰ কৰায় । পাছত আদালতে মোজাম্মেল হকক জেল হাজোতলৈ প্ৰেৰণ কৰে । ইপিনে মোজাম্মেল হকক আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতৰ বাহিৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ গৰীয়া মৰিয়া জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতিসহ কৰ্মীসকলে । বি এন কলেজ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি নাথৰ বিৰুদ্ধে অভিযোগ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ।
পৰিকল্পিতভাৱে ভুৱা গোচৰ জাপি দি ধুবুৰী জিলা সমিতিৰ সভাপতি মোজামেল হকক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ । ধুবুৰী বি এন কলেজ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি নাথে ৰাতি 1 বজাত মোজাম্মেল হকৰ বাসগৃহত অনধিকাৰ প্ৰৱেশ কৰাৰ অভিযোগ তুলিলে প্ৰতিবাদকাৰীসকলে ৷ আনহাতে, মিছা গোচৰ জাপি মোজাম্মেল হকক গ্ৰেপ্তাৰ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি শ্বাহনাৱাজ হুছেইনে ।
লগতে পঢ়ক: অসমক উত্তপ্ত কৰিবলৈ বটদ্ৰৱাত চলিছে চৰকাৰৰ পৰিকল্পিত ষড়যন্ত্ৰ : আমিনুল ইছলাম