ETV Bharat / state

বিজেপিক বণিক শ্ৰেণীৰ দল আখ্যা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ - বণিক শ্ৰেণী

বিজেপি দল বণিক শ্ৰেণীৰ দল আখ্যা । বণিক শ্ৰেণীয়ে বিজেপিলৈ ধনৰ যোগান ধৰে বাবেই বণিক গোষ্ঠীৰ হৈ কাম কৰে তেওঁলোকে । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সমালোচনা অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ ৷

AJYCP's reaction on essential commodities bill passed by government

author img

By

Published : Sep 25, 2020, 11:18 AM IST

ধুবুৰী, 25 ছেপ্টেম্বৰ : কৃষক সকলৰ লগতে সৰ্ব সাধাৰণ ৰাইজক মাধমাৰ সোধাই সদনৰ মজিয়াত বিৰোধীক এঘৰীয়া কৰি নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কৃষি বিধেয়ক গৃহীত কৰে ৷ তাৰ পিছে পিছে অত্যাৱশ্যকীয় সামগ্ৰী বিধেয়ক গৃহীত কৰিলে, য’ত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাথাকিব । বিধেয়কখন আইনত পৰিণত হোৱাৰ পিছতেই আলু, পিয়াঁজ, ডালি, মিঠাতেল আদি আৰু অত্যাৱশ্যকীয় সামগ্ৰী হৈ নাথাকিব ।

বিজেপিক বণিক শ্ৰেণীৰ দল আখ্যা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

পুঁজিপতিয়ে নিজৰ ইচ্ছা মতেই মূল্য নিৰ্ধাৰণ কৰিব পাৰিব সামগ্ৰীৰ । বিধেয়ক খন গৃহীত হোৱাৰ পিছতেই সমগ্ৰ দেশ তথা ৰাজ্যজুৰি প্ৰতিবাদৰ জুই জ্বলিছে । প্ৰতিবাদ সাব্যস্ত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও । জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ সভাপতি হেমেন চক্ৰৱৰ্তীয়ে ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বিজেপি দলটোক তেওঁলোকে বণিক শ্ৰেণীৰ দল বুলি আখ্যা দিছে । বিজেপিয়ে সকলো সময়তে বণিক শ্ৰেণীৰ বাবে কাম কৰে আৰু বিজেপিক ধনৰ যোগান ধৰে বাবেই বণিক গোষ্ঠীৰ হকে কাম কৰে বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ।

ভাৰত বৰ্ষৰ কৃষিজীৱীকে ধৰি সৰ্ব সাধাৰণ ৰাইজৰ পৰিপন্থী বিধেয়ক যাতে চৰকাৰে আইনত পৰিণত নকৰে তাৰ বাবেও আহ্বান জনায় । আনহাতে নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে প্ৰকাশ কৰা ইস্তাহাৰত প্ৰকাশ কৰা মূল্যবৃদ্ধি ৰোধ আৰু দুৰ্নীতি বন্ধ কৰা এই দুয়োটা বিষয় সম্প্ৰতি অসাৰ প্ৰতিপন্ন হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ সভাপতি হেমেন চক্ৰৱৰ্তীয়ে।

লগতে পঢ়ক : প্ৰশাসনিক বিষয়াৰ দুৰ্নীতিৰ ক্লিপ ভাইৰেল, শিলাদিত্যৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.