ETV Bharat / state

বিলাসীপাৰাত ডাঃ কানুলাল দাসক প্ৰাৰ্থিত্ব প্ৰদান

author img

By

Published : Mar 8, 2021, 9:49 AM IST

Updated : Mar 8, 2021, 11:44 AM IST

ৰাজ্যৰ নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে বিলাসীপাৰা পূৱ সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা ডাঃ কানুলাল দাসৰ বাসগৃহত দেওবাৰে দেখা পোৱা গ’ল সমৰ্থকৰ ভিৰ ৷ ফটকা ফুটাই, মিঠাই বিতৰণ কৰি সমৰ্থকসকলে এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰে দাসৰ বাসগৃহত ৷

ajp-candidate-kanulal-das
বিলাসীপাৰা পূৱ সমষ্টিত ডাo কানুলাল দাসক AJPৰ প্ৰাৰ্থিত্ব প্ৰদান

পশ্চিম বিলাসীপাৰা,8 মাৰ্চ: ৰাজ্যত এতিয়া নিৰ্বাচনৰ বতৰ ৷ ৰাজনৈতিক দলসমূহে ইতিমধ্যে ঘোষণা কৰিছে প্ৰাৰ্থিত্বৰ তালিকা ৷ নিৰ্বাচনৰ পূৰ্বেই প্ৰাৰ্থিত্ব লাভ কৰা প্ৰাৰ্থীৰ বাসগৃহত এতিয়া দেখা গৈছে আনন্দ-উল্লাস ৷ ৰাজ্যৰ নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে বিলাসীপাৰা পূৱ সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা ডাঃ কানুলাল দাসৰ বাসগৃহতো দেওবাৰে দেখা পোৱা গ'ল সমৰ্থকৰ ভিৰ ৷ ফটকা ফুটাই, মিঠাই বিতৰণ কৰি সমৰ্থকসকলে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে দাসৰ বাসগৃহত ৷

ডাঃ কানুলাল দাস অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী

ইপিনে টিকট লাভ কৰাৰ পিচতে বিলাসীপাৰা পূৱ সমষ্টিৰ এজেপিৰ প্ৰাৰ্থী ডাঃ কানুলাল দাসে দলৰ শীৰ্ষ নেতৃত্বক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি সমষ্টিবাসীৰ সহযোগিতা কামনা কৰে ৷ সমষ্টিটোৰ শিক্ষা, স্বাস্থ্য, উদ্যোগ, কৃষিখণ্ডৰ বিভিন্ন সমস্যাৰাজি আগত ৰাখিয়েই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা উল্লেখ কৰে বিলাসীপাৰা পূৱ সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ডা৹ কানুলাল দাসে ৷

লগতে পঢ়কঃ টিকট বঞ্চিত সত্যব্ৰত কলিতাক কটাক্ষ দিগন্ত কলিতাৰ

Last Updated : Mar 8, 2021, 11:44 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.