ETV Bharat / state

Ajmal Foundation: ধুবুৰীত আজমল ফাউণ্ডেচনৰ চিলাই মেচিন বিতৰণ

author img

By

Published : Jan 19, 2023, 5:00 PM IST

ধুবুৰীত এশগৰাকী মহিলাক আজমল ফাউণ্ডেচনে বিতৰণ কৰিলে চিলাই মেচিন । এই চিলাই মেচিন বিতৰণ কৰি ফাউণ্ডেচনৰ ন্যাসৰক্ষী তথা সাংসদ বদৰুদ্দিন আজমলে মহিলাসকলক কন্য়া সন্তানক পঢ়ুৱাই শিক্ষিত কৰিবলৈ আহ্বান জনায় (MP Badruddin Ajmal)।

Social welfare of Ajmal Foundation
ধুবুৰীত আজমল ফাউণ্ডেচনৰ উদ্যোগত চিলাই মেচিন বিতৰণ

ধুবুৰী, ১৯ জানুৱাৰী: উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা আজমল ফাউণ্ডেচনে ৰাজ্য়খনৰ বিভিন্ন ঠাইত জনকল্য়াণমূলক কাৰ্য সম্পন্ন কৰি আহিছে (Social welfare of Ajmal Foundation)। আজমল ফাউণ্ডেচনে বিগত সময়ত ৰাজ্য়খনৰ কেইবাখনো জিলাত স্বাস্থ্যৰ লগতে শিক্ষাৰ সম্প্ৰসাৰণ, দক্ষতা বিকাশৰ উপৰি দৰিদ্ৰ লোকসকলক বিভিন্ন ধৰণে সহায়-সহযোগিতা আগবঢ়াই আহিছে ৷ ইতিমধ্য়ে ৰাজ্য়খনৰ চুকে-কোণে শিক্ষাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত আজমল ফাউণ্ডেচনে বিশেষ পদক্ষেপ গ্ৰহণ কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । এই ফাউণ্ডেচনে জন্মলগ্নৰে পৰাই ৰাজ্য়ৰ বাহিৰতো মানৱ সেৱা আগবঢ়াই আহিছে ।

এই সেৱাৰ অংশৰূপে ধুবুৰীত দৰিদ্ৰ লোকসকলৰ মাজত আজমল ফাউণ্ডেচনে আৰম্ভ কৰিছে বিভিন্ন সামগ্ৰী বিতৰণ কাৰ্যসূচী । দৰিদ্ৰ পৰিয়ালৰ মহিলাসকল আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ উদ্দেশ্যে আজমল ফাউণ্ডেচনে গ্ৰহণ কৰিছে আন এক পদক্ষেপ । ধুবুৰীত আজমল ফাউণ্ডেচনৰ উদ্যোগত এশ গৰাকী হিতাধিকাৰীৰ মাজত বুধবাৰে চিলাই মেচিন বিতৰণ কৰে ফাউণ্ডেচনৰ ট্ৰাষ্টি তথা সাংসদ বদৰুদ্দিন আজমলে (Ajmal Foundation distributed sewing machines in Dhubri)।

আজমল ফাউণ্ডেচনৰ ধুবুৰী জিলাৰ মূৰব্বী বিষয়া আব্দুৰ ৰহিমৰ উপস্থিতিত জিলাখনৰ বিভিন্ন প্ৰান্তৰ এশ গৰাকী মহিলা হিতাধিকাৰীৰ মাজত এটাকৈ চিলাই মেচিন বিতৰণ কৰে ফাউণ্ডেচনৰ ট্ৰাষ্টি তথা সাংসদ বদৰুদ্দিন আজমলে (MP Badruddin Ajmal distributed sewing machines)। প্ৰশিক্ষণপ্রাপ্ত এশগৰাকী মহিলাক চিলাই মেচিন বিনামূলীয়াকৈ বিতৰণ কৰি তেওঁ সকলোকে নিজৰ কৰ্ম কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ তেওঁ আহ্বান জনায় । তেওঁ মহিলাকসকলক এনে কাম কৰি স্বাৱলম্বী হোৱাৰ লগতে নিজৰ ঘৰখনত শান্তিৰ পৰিৱেশ সৃষ্টি কৰিবলৈও আহ্বান জনায় ।

তেওঁ পুনৰ কয় যে বিভিন্ন সময়ত একাংশ হিতাধিকাৰীয়ে লাভ কৰা এনে চিলাই মেচিন বিক্ৰী কৰাৰো অভিযোগ উত্থাপিত হৈ আহিছে । কোনো এগৰাকী হিতাধিকাৰীয়ে যাতে এইবাৰ লাভ কৰা চিলাই মেচিন বিক্ৰী নকৰে তাৰ বাবে তেওঁ মহিলাকসকলক আহ্বান জনায় । এই মেচিনৰ দ্বাৰা উপাৰ্জন কৰি নিজৰ কন্য়া সন্তানক স্কুল-কলেজত পঢ়ুৱাই শিক্ষিত কৰিবলৈ আহ্বান জনাই কয় যে এনে কৰিলে সকলোৰে উন্নতি সম্ভৱ হ'ব ।

লগতে পঢ়ক:KLO peace agreement: ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় গৃহ সচিব আৰু চোৰাংচোৱা ব্যুৰোৰ সঞ্চালকৰে আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.