ETV Bharat / state

বিলাসীপাৰাত এক কৰ্মী সভাত আজমলৰ ভোট ভিক্ষা - কৰ্মী সভা

বিগত দহটা বছৰে নিজৰ দখলত ৰখা সমষ্টিটোত এইবাৰ দলৰ তৃণমূল স্তৰৰ নেতা কৰ্মীৰ বিষোদগাৰে দলটোক বিপদত পেলোৱাৰ শংকাত ভুগিছে সাংসদ আজমল | পূব বিলাসীপাৰা সমষ্টিৰ সোণামুখী অঞ্চলত এক কৰ্মী সভাত অংশগ্ৰহণ কৰে আজমলে ৷

বিলাসীপাৰাত এক কৰ্মী সভাত আজমলৰ ভোট ভিক্ষা
author img

By

Published : Apr 4, 2019, 9:56 AM IST

বিলাসীপাৰা , 04 এপ্ৰিল : "অগপ আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীদ্বয়ে মনোনয়ন দাখিল কৰিবলৈ লগত অনা লোক সকল ভাড়াত অহা মানুহ ৷ 4 নং ধুবুৰী লোক সভা সমষ্টিত তেওঁ অপ্ৰতিদ্বন্দী ৷ " বুধবাৰে পূব বিলাসীপাৰাৰ সোণামুখী অঞ্চলত অনুষ্ঠিত এক কৰ্মী সভাত সাংসদ বদৰুদ্দিন আজমল উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰে ৷

বিলাসীপাৰাত এক কৰ্মী সভাত আজমলৰ ভোট ভিক্ষা

এআই ইউ ডি এফ দলৰ বুলি খ্যাত 4 নং ধুবুৰী লোক সভা সমষ্টি ৷ কিন্তু এইবাৰ নিৰ্বাচনত যেন এক অজান শংকাত ভুগি থকা পৰিলক্ষিত হ'ল সমষ্টিটোৰ পূৰ্বৰ সাংসদ আজমলক ৷বিগত দহটা বছৰে নিজৰ দখলত ৰখা সমষ্টিটোত এইবাৰ দলৰ তৃণমূল স্তৰৰ নেতা কৰ্মীৰ বিষোদগাৰে দলটোক বিপদত পেলোৱাৰ শংকাত ভুগিছে সাংসদ আজমল ৷ যাৰ বাবে জনসভা নহয় কৰ্মীসভাত ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে সাংসদ আজমলক ৷ইয়াৰে অংশ হিচাপে বুধবাৰে বিয়লি পূব বিলাসীপাৰা সমষ্টিৰ সোণামুখী অঞ্চলত এক কৰ্মী সভাত উপস্থিত হয় আজমল ৷ এই সভাত উপস্থিত হৈ আজমলে ভোটভিক্ষা কৰাৰ লগতে দলীয় কৰ্মী সকলক নিষ্ঠাৰে কাম কৰাৰ আহ্বান জনায় ৷ সমষ্টিটোত এইবাৰ যেন এআইইউডিএফ দলৰ ভেটি থৰক-বৰক হৈ পৰাৰ আশংকাত ভুগি থকা আজমলে প্ৰথমে ভোটাৰ ৰাইজৰ কাষ চপাৰ আগতে তৃণমূল পৰ্যায়ৰনেতা কৰ্মী সকলক একত্ৰিত কৰাৰ প্ৰয়াস কৰিছে ৷সেই লক্ষ্যৰেই বিলাসীপাৰাত এখনৰ পিচত আন এখন কৈ কৰ্মী সভা অনুষ্ঠিত কৰাত ব্যস্ত আজমল ৷আনহাতে ৰাজ্যৰ তিনি খন আসনত দলে দিয়া প্ৰাৰ্থী তিনিজনে বিপুল ভোটৰ ব্যৱধানত জয়ী হৈ আহিব বুলি মন্তব্য কৰে সাংসদ আজমলে ৷উল্লেখ্য যে, এই কৰ্মী সভাত কংগ্ৰেছৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি আৰু জ্যেষ্ঠ কংগ্ৰেছীসহ কেইবা শতাধিক কৰ্মীয়ে এ আই ইউ ডি এফ দলত যোগদান কৰে ৷ এতিয়া আজমল নেতৃত্বতাধীন দলটোৱে ৰাজ্যত কেই খন আসনত জয়ী হ’ব সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হৈ পৰিব ৷

Intro:A. I - বিগত দহ বছৰে এ আই ইউ ডি এফৰ দখলত ৪ নং ধুবুৰী লোকসভা সমষ্টি | এ আই ইউ ডি এফ দলৰ দুৰ্গ বুলি খ্যাত ধুবুৰী সমষ্টি |
কিন্তু এইবাৰৰ নিৰ্বাচনত যেন এক অজান শংকাত ভুগি থকা পৰিলক্ষিত সমষ্টিটোৰ পুৰ্বৰ সাংসদ বদৰুদ্দিন আজমলক |
বিগত দহটা বছৰে নিজৰ দখলত ৰখা সমষ্টিটোত এই বাৰ দলৰ তৃণমূল স্তৰৰ নেতা কৰ্মীৰ বিষদগাৰে দলটোক বিপদত পেলোৱাৰ শংকাত ভুগিছে সাংসদ আজমল |
যাৰ বাবে জনসভা নহয় কৰ্মীসভাতে ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে সাংসদ আজমলক |Body:ইয়াৰে অংশ হিচাপে বুধবাৰে সন্ধিয়াৰ ভাগত আজমল উপস্থিত হয় পুব বিলাসীপাৰা সমষ্টিৰ সোণামুখী অঞ্চলত |
কোনো জনসভা নহয় এখন কৰ্মী সভাত উপস্থিত হৈ ভোট ভিক্ষা কৰাৰ লগতে দলীয় কৰ্মী সকলক নিষ্ঠাৰে কাম কৰাৰ আহ্বান আজমলৰ |
সমষ্টিটোত এই বাৰ যেন এ আই ইউ ডি এফ দলৰ ভেটি থৰক বৰক হৈ পৰাৰ আশংকাত ভুগি থকা আজমলে প্ৰথমে ভোটাৰ ৰাইজৰ কাষ চপাৰ আগতে তৃণমূল পৰ্য্যায়ৰ নেতা কৰ্মী সকলক একত্ৰিত কৰাৰ প্ৰয়াস কৰিছে | সেই লক্ষ্যৰেই বিলাসীপাৰাত এখনৰ পিছত আন এখন কৈ কৰ্মী সভা অনুষ্ঠিত কৰাত ব্যস্ত আজমল | তৃণমূল নেতা কৰ্মী সকলক একত্ৰিত কৰি হে জনসভা পাতি ৰাইজৰ কাষ চাপিব |Conclusion:আনহাতে বুধবাৰে বৃহৎ সংখ্যক সমৰ্থকক লৈ বিজেপি আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলাম তথা কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আবু তাহেৰ বেপাৰী মনোনয়ন পত্ৰ দাখিল কৰা সন্দৰ্ভত সাংসদ বদৰুদ্দিন আজমলৰ মন্তব্য... অগপ আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী দ্বয়ে বুধবাৰে মনোনয়ন দাখিল কৰা সময়ত লগত অনা লোক সকল ভাৰাত লৈ অহা মানুহ |
সাংসদ বদৰুদ্দিন আজমলৰ মতে ৪ নং ধুবুৰী লোকসভা সমষ্টিত তেওঁ অপ্ৰতিদ্বন্দ্বী | আৰু ৰাজ্যৰ তিনি খন আসনত দলে দিয়া প্ৰাৰ্থী তিনিওটাই বিপুল ভোটৰ ব্যৱধানত জয়ী হৈ আহিব |
এই সভাতে কংগ্ৰেছৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি জ্যেষ্ঠ কংগ্ৰেছী সহ কেবা শতাধিক কৰ্মী এ আই ইউ ডি এফ দলত যোগদান কৰে |
সেয়া যিয়ে নহওঁক আজমল নেতৃত্বতাধীন দলটেৱে ৰাজ্যত কেই খন আসনত জয়ী হব সেয়া পৰবৰ্তী সময়ত স্পষ্ট হৈ পৰিব |
Bite: বছৰ উদ্দিন আজমল
বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলামৰ
ৰিপ'ৰ্ট
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.