ETV Bharat / state

বন্ধ কাৰ্যালয়ৰ সন্মুখত AIUDF ৰ প্ৰতিবাদ ! - এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল

চৰ্চাত এতিয়া ছিপাঝাৰৰ গৰুখুটি কাণ্ড ৷ গৰুখুটি কাণ্ডক লৈ ৰাজ্যত জ্বলিছে প্ৰতিবাদৰ জুই । এনে সময়তে চৰকাৰৰ বিৰুদ্ধে ধুবুৰীত মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ নামত নাটক মঞ্চস্থ এআইইউডিএফৰ ।

AIUDF protest in dhuburi
AIUDF ৰ মৌন প্ৰতিবাদ
author img

By

Published : Sep 26, 2021, 11:59 AM IST

ধুবুৰী, 26 ছেপ্তেম্বৰ : ছিপাঝাৰৰ গৰুখুটি কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য । উচ্ছেদৰ নামত চৰকাৰে স্বদেশী নাগৰিকৰ ওপৰত নিৰ্যাতন চলোৱা বুলি সৰ্বত্ৰে অভিযোগ উত্থাপিত হৈছে । গৰুখুটিৰ উচ্ছেদ কাণ্ড আৰু চৰকাৰৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ ৷ গৰুখুটিৰ উচ্ছেদ কাণ্ড বিৰোধিতাৰে শনিবাৰে ধুবুৰীত জিলা এআইইউডিএফে(AIUDF) জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে মৌন প্ৰতিবাদ ।

AIUDF protest in dhuburi
ছিপাঝাৰৰ গৰুখুটি কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ

AIUDF ৰ অভিযোগ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংখ্যালঘূ ৰাইজৰ ওপৰত চলি আছে নিৰ্যাতন ৷ কিন্তু গৰুখুটি কাণ্ডক লৈ AIUDF দলৰ মুৰব্বী সাংসদ তথা নিজকে সংখ্যালঘূৰ ত্ৰাণকৰ্তা বুলি ঢাক-ঢোল বজাই থকা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ লগতে দলীয় নেতৃত্ব নিৰুদ্দেশ হৈ থকাৰ অভিযোগ উত্থাপন হৈছিল ৷ পৰৱৰ্তী সময়ত এই বাতৰিয়ে সংবাদ মাধ্যমতো যথেষ্ট চৰ্চা লাভ কৰিছিল ৷

AIUDF protest in dhuburi
AIUDF ৰ মৌন প্ৰতিবাদ

লগতে পঢ়ক: শীতল মস্তিষ্কৰে গৰুখুটিৰ ঘটনা পৰিকল্পনা কৰিছে হিমন্ত বিশ্ব শৰ্মাই: অখিল গগৈ

তাৰ পাচতেই যেন সাৰ পাই উঠিল AIUDF ৰ একাংশ নেতা-কৰ্মী । তাৰেই এক বাস্তৱ ছবি প্ৰতিফলিত হ’ল ধুবুৰীত । কিন্তু ধুবুৰীত প্ৰতিবাদৰ নামত যেন এঘণ্টীয়া নাটক মঞ্চস্থ কৰিলে এআইইউডিএফৰ কৰ্মীসকলে ৷ কিয়নো 25 ছেপ্তেম্বৰ আছিল মাহৰ শেষ শনিবাৰ । গতিকে শনিবাৰৰ দিনটো আছিল চৰকাৰী বন্ধ ৷

ধুবুৰীত AIUDF ৰ প্ৰতিবাদ

চৰকাৰী বন্ধৰ দিনা পুৱা ১১ বজাৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধুবুৰীৰ AIUDF কৰ্মীসকলে একাংশ দলীয় নেতা-কৰ্মীৰ সৈতে বন্ধ কাৰ্যালয়ৰ সন্মুখতে ৰূপায়ণ কৰে প্ৰতিবাদ ৷ প্ৰতিটো নিৰ্বাচনৰ সময়ত এআইইউডিএফে সংখ্যালঘু ৰাইজক বিভিন্ন ভুৱা আশ্বাস প্ৰদান কৰি কেৱল ভোট সংগ্ৰহ কৰি আহিছে । কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পিছত সকলো পাহৰি যায় সংখ্যালঘু সম্প্ৰদায়ৰ ৰাজনৈতিক নেতাসকলে । যাৰ ফল ভুগিবলগীয়া হয় কেৱল সংখ্যালঘু ৰাইজে ।

লগতে পঢ়ক: গৰুখুটিত পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল ময়নুলক : আব্দুল খালেক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.