ধুবুৰী, 20 জানুৱাৰী : অসমত 2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী ৰাজনৈতিক দল ৷ এফালে শাসকীয় দলে বিভিন্ন আঁচনি ঘোষণা আৰু উন্নয়নমূলক কামৰ জৰিয়তে ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ আনহাতে বিৰোধী ৰাজনৈতিক দল সমূহেও বিভিন্ন নিৰ্বাচনী ৰণকৌশল অৱলম্বন কৰি শাসকীয় দলক শ’লঠেকত পেলোৱাৰো প্ৰয়াস কৰিছে ৷
অন্যান্য ৰাজনৈতিক দল সমূহৰ লগতে ৰাজ্যৰ অন্যতম বিৰোধী দল এআইইউডিএফেও আৰম্ভ কৰিছে নিৰ্বাচনী কুচ-কাৱাজ ৷ বুধবাৰে ধুবুৰীৰ গৌৰীপুৰ সমষ্টিৰ ডুমৰদহত অনুষ্ঠিত হয় এ আই ইউ ডি এফৰ বিশাল কৰ্মী সভা। কেইবাগৰাকীও বিধায়কক লগত লৈ আজমলে নিৰ্বাচনী ৰণডংকা বজোৱা পৰিলক্ষিত হয় । সভাত বিজেপি আৰু মন্ত্ৰী হিমন্তক টাৰ্গেট কৰি তীব্র সমালোচনাৰে ভাষণ প্ৰদান কৰে সাংসদ মৌলানা বদৰুদ্দিন আজমলে ।
ভাষণ প্ৰসংগত আজমলে কয় যে, আগন্তক নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁট বন্ধনৰ চৰকাৰ হ‘ব। বিজেপিয়ে ইতিমধ্যে টকা লৈ ভোট কিনাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে বুলিও আজমলে গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷
লগতে পঢ়ক: আলফা শিবিৰৰ পৰা অপহৃত অইল কৰ্মচাৰীৰ চৰকাৰলৈ আহ্বান