ETV Bharat / state

নিবনুৱালৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে এটা স্বেচ্ছাসেৱী সংগঠনে - নুৰ ই ইলাহী

ধুবুৰীত অল ইণ্ডিয়া এডুকেশ্যন হেল্থ এণ্ড চ’ছিয়েল চাৰ্ভিছ নামৰ ট্ৰাষ্টৰ নতুন পদক্ষেপ ৷ ট্ৰাষ্টে শ শ স্বেচ্ছাসেৱীক নিয়োগ কৰি সকলোৰে ঘৰলৈ গৈ ল’ৰা-ছোৱালীৰ লিখা-পঢ়া আৰু স্বাস্থ্যৰ খা-খবৰ ল’ব ৷ উচ্চ শিক্ষাৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও এই ট্ৰাষ্টে বিভিন্ন সুবিধা প্ৰদান কৰিব বুলি অধ্যক্ষ ওমৰ ফাৰুক আৰু পৰিচালন সঞ্চালক নুৰ ই ইলাহীয়ে সংবাদমেলযোগে জানিবলৈ দিয়ে ৷

AIEHSC press meet in Dhubri
নিবনুৱালৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে এটা স্বেচ্ছাসেৱী সংগঠনে
author img

By

Published : Oct 7, 2020, 7:14 PM IST

ধুবুৰী,7 অক্টোবৰ: লক ডাউনৰ সময়ত দেশ-বিদেশৰ পৰা বহু নিবনুৱাই কৰ্ম সংস্থাপন হেৰুৱাই নিজ গৃহ জিলালৈ ওভতাৰ সময়তে ধুবুৰীৰ এচাম নৱ প্ৰজন্মই কৰ্ম সংস্থাপনৰ বাট মোকোলাই দি নিবনুৱাসকলৰ মাজত আশাৰ সঞ্চাৰ কঢ়িয়াই অনা পৰিলক্ষিত হৈছে ৷

AIEHSC press meet in Dhubri
নিবনুৱালৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে এটা স্বেচ্ছাসেৱী সংগঠনে

নতুনকৈ গঠন হোৱা অল ইণ্ডিয়া এডুকেশ্যন হেল্থ এণ্ড চ’ছিয়েল চাৰ্ভিছ নামৰ ট্ৰাষ্ট এটাই নিবনুৱাসকলৰ বাবে কঢ়িয়াই আনিছে সুখবৰ । ট্ৰাষ্টৰ ফালৰ পৰা নিয়োগ কৰা হৈছে শ শ স্বেচ্ছাসেৱী । যি সকল স্বেচ্ছাসেৱীয়ে সকলোৰে ঘৰলৈ গৈ ল’ৰা-ছোৱালীৰ লিখা-পঢ়া আৰু স্বাস্থ্যৰ খা-খবৰ ল’ব । ট্ৰাষ্টৰ পৰা হিতাধিকাৰীসকলক একোখনকৈ জীৱন ৰক্ষা কাৰ্ড প্ৰদান কৰা হ’ব আৰু এই কাৰ্ডৰ জৰিয়তে কাৰ্ডপ্ৰাপ্ত হিতাধিকাৰীয়ে নিৰ্দিষ্ট চিকিৎসালয়ৰ পৰা লাভ কৰিব বিশেষ সুবিধা । তাৰোপৰি নিৰ্দিষ্ট ফাৰ্মাচীসমূহৰ পৰা ৰেহাই মূল্যত দৰৱ কিনিবলৈ এক বিশেষ সুবিধা লাভ কৰাৰ লগতে যিকোনো ৰোগৰ তেজৰ পৰীক্ষাকে ধৰি যিকোনো স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব ।

আনহাতে,উচ্চ শিক্ষাৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও এই ট্ৰাষ্টে বিভিন্ন সুবিধা প্ৰদান কৰিব । বুধবাৰে ট্ৰাষ্টৰ মুখ্য কাৰ্যালয়ত অধ্যক্ষ ওমৰ ফাৰুক আৰু পৰিচালন সঞ্চালক নুৰ ই ইলাহীয়ে সংবাদমেলযোগে কয় যে,শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সমাজসেৱা আৰু নিবনুৱাক কৰ্মসংস্থাপন দিয়াই হৈছে এই ট্ৰাষ্টৰ মূল লক্ষ্য।

ইফালে জীৱন ৰক্ষা কাৰ্ডৰ বিনিময়ত হিতাধিকাৰীৰ পৰা কোনো মাচুল লোৱা নহ’ব বুলি উল্লেখ কৰি তেওঁলোকে কয় যে,কোনোবাই যদি সাহাৰ্ষ হিচাপে দিব বিচাৰে তেন্তে সেয়াও 1 টকাৰ পৰা 200 টকাৰ ভিতৰত লোৱা হ’ব । আনকি বিকলংগ হিতাধিকাৰীয়েও বিশেষভাৱে সুবিধা লাভ কৰিব ।

লগতে পঢ়ক: বিজেপিৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ যুৱ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.