ETV Bharat / state

বি টি আৰ চুক্তিৰ নামত যাতে অসমক দ্বি-খণ্ডিত কৰা নহয়ঃআমিনুল ইছলাম

author img

By

Published : Jan 30, 2020, 10:21 PM IST

ধুবুৰীত বিটিআৰ চুক্তি সম্পৰ্কে এআইইউডিএফে এক সংবাদমেল অনুষ্ঠিত কৰে । দলটোৰ দাবী বিটিআৰ চুক্তিৰ নামত যাতে অসমক দ্বি-খণ্ডিত কৰা নহয় । তদুপৰি চুক্তিখনৰ বিৰোধিতা নকৰিলে অসমখন দ্বি-খণ্ডিত হোৱাৰ পৰিকল্পনা ৰচা হৈছে বুলি শংকা প্ৰকাশ কৰিছে সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ এআইইউডিএফ দলে ।

বি টি আৰ চুক্তি
এ আই ইউ ডি এফৰ সংবাদমেল

ধুবুৰী, 30 জানুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰ আৰু এনডিএফবি-কে ধৰি কেবাটাও সংগঠনৰ মাজত বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত বিভিন্ন মহলত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ বৃহস্পতিবাৰে ধুবুৰীত বিটিআৰ চুক্তি সম্পৰ্কে এআইইউডিএফে এক সংবাদমেল অনুষ্ঠিত কৰে । দলটোৰ দাবী বিটিআৰ চুক্তিৰ নামত যাতে অসমক দ্বি-খণ্ডিত কৰা নহয় । তদুপৰি চুক্তিখনৰ বিৰোধিতা নকৰিলে অসমখন দ্বি-খণ্ডিত হোৱাৰ পৰিকল্পনা ৰচা হৈছে বুলি শংকা প্ৰকাশ কৰিছে সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ এআইইউডিএফ দলে ।

ধুবুৰীত দলটোৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে অন্য দুগৰাকী সাধাৰণ সম্পাদকৰ সৈতে সম্বোধন কৰে সংবাদমেলখন । সংবাদমেলখনত বড়ো জনগোষ্ঠীয়ে দীর্ঘদিনে সংগ্ৰাম কৰি শান্তি আলোচনাৰ মাজেৰে বিটিআৰ চুক্তি স্বাক্ষৰিত কৰাত এআইইউডিএফে ইয়াৰ বিৰোধিতা কৰা নাই বুলি স্পষ্টীকৰণ প্ৰকাশ কৰে ৷ দলটোৰ সাধাৰণ সম্পাদক ইছলামে কয়, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ কিছু মন্তব্যক লৈ শংকিত হৈছে এআইইউডিএফ । কাৰণ বিটিচি-ত ৭৫% শতাংশ অবড়ো মানুহে বাস কৰি আছে । বড়োসকলৰ দৰে অনা-বড়োকো সম অধিকাৰ দিয়াৰ দাবী উত্থাপন কৰে ইছলামে ।

এ আই ইউ ডি এফৰ সংবাদমেল

আনহাতে, ২০২১ ৰ বিধানসভা নিৰ্বাচনত এআইইউডিএফ দলৰ পৰা বিটিচিত নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰে আমিনুল ইছলামে । কোনো ৰাজনৈতিক দলে এআইইউডিএফ-ৰ সৈতে মিত্ৰতা কৰিব বিচাৰিলে মিত্ৰতাৰ দুৱাৰ খোলা আছে বুলি সংবাদমেলত উল্লেখ কৰে ইছলামে । বিটিচি অঞ্চলত অবড়ো লোকৰ সংখ্যাগৰিষ্ঠতাৰ প্ৰতি লক্ষ্য কৰি 2021ত ৰাজনৈতিক প্ৰেক্ষাপট সলনি হোৱাৰ আংশকা ব্যক্ত কৰিব পাৰি । তেনেস্থলত স্থানীয় ৰাজনৈতিক দলৰ বাহিৰে অন্য কোনো দলে প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিলে কি পৰিৱেশ সৃষ্টি হয় সেয়া সময়ত পৰিলক্ষিত হ’ব ৷

লগতে চাওকঃৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানত বুধবাৰে পালন কৰা হ'ল বাগদেৱীৰ পূজা

Intro: কেন্দ্ৰীয় চৰকাৰৰ সৈতে বি টি আৰ চুক্তি সম্পন্ন হোৱাৰ পিছত বিভিন্ন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেনে সময়তে ধুবুৰীত বি টি আৰ চুক্তিকলৈ এআইইউডিএফৰ সংবাদমেল। এআইইউডিএফৰ দাবী বি টি আৰ চুক্তিৰ নামৰ যাতে অসম খন পুণৰ দ্বিখণ্ডিত নহয়। আনহাতে ২০২১ ত বিটিচিত নিৰ্বাচন খেলিবলৈ প্ৰস্তুত হৈছে দলটোৱে। মুকলি কৰিছে মিত্ৰতাৰ দুৱাৰ।

Body: কেন্দ্ৰীয় চৰকাৰৰ সৈতে বি টি আৰ চুক্তি সম্পন্ন হোৱাৰ পিছতেই ৰাজ্যৰ বিভিন্ন মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। কোনোবাই সপক্ষে আন কোনোবাই বিপক্ষে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। তেনে সময়তে বি টি আৰ চুক্তিৰ বিৰোধিতা নকৰিলে অসম খন দ্বিখণ্ডিত কৰাৰ এক পৰিকল্পনা কৰা হৈ আছে বুলি শংকা প্ৰকাশ কৰিছে সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ এআইইউডিএফে। বি টি আৰ চুক্তিক লৈ আজি ধুবুৰীত এআইইউডিএফ দলৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে দলৰ আন দুগৰাকী সাধাৰণ সম্পাদকক লগত লৈ অনুষ্ঠিত কৰে এখন সংবাদমেল। উক্ত সংবাদমেলত বড়ো জনগোষ্ঠীয়ে দীর্ঘ দিনে সংগ্ৰাম কৰি তেওঁলোকে শান্তি আলোচনাৰ মাজেৰে বি টি আৰ চুক্তি কৰাত এআইইউডিএফ দলে ইয়াৰ বিৰোধিতা কৰা নাই বুলি কৈ এআইইউডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে কয়ঃ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ কিছু মন্তব্যক লৈ শংকা হৈছে। কাৰণ বিটিচিত ৭৫% শতাংশ অবড়ো মানুহ বসতি স্থাপন কৰি আছে। বড়ো সকলৰ দৰে তেওঁলোকৰো সম অধিকাৰ দিব লাগিব বুলি দাবী উত্থাপন কৰে এআইইউডিএফদলৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে।

ইপিনে বিটিচিত থকা সকলো বড়ো অবড়ো লোকে নায্য প্ৰাপ্য পাব বাকী হাগ্ৰামা মহিলাৰীয়ে উল্লেখ কৰি অহাৰ পিছত হাগ্ৰামাই কোৱা দৰে হোৱা নাই বুলি সংবাদমেলত অভিযোগ কৰে আমিনুল ইছলামে। অসম খনক পুণৰ দ্বিখণ্ডিত নকৰি সকলো জাতিধৰ্মৰ লোক সকলে একেলগে থাকি এক শান্তিৰ অসম গঢ়াৰ দাবী এআইইউডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ।

আনহাতে ২০২১ ৰ বিধানসভা নিৰ্বাচনত এআইইউডিএফ দলৰ ফালৰ পৰা বিটিচিত নিৰ্বাচন খেলিব বুলি ঘোষণা কৰে আমিনুল ইছলামে। আনকি কোনোবা ৰাজনৈতিক দলে এআইইউডিএফদলৰ সৈতে মিত্ৰতা কৰিব বিচাৰিলেও মিত্ৰতাৰ দুৱাৰ খোলা আছে বুলি সংবাদমেলত উল্লেখ কৰে আমিনুল ইছলামে।

Conclusion:উল্লেখযোগ্য যে, যিহেতু বিটিচি অঞ্চলত ৭৫% লোক অবড়ো। তেনে স্থলত স্থানীয় ৰাজনৈতিক দলৰ বাহিৰে অন্য কোনো দলে প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিলে ২০২১ৰ বিটিচিৰ ৰাজনীতিত সলনি হব পাৰে ৰাজনৈতিক দৃশ্যপট। কিন্তু এ আই ইউ ডি এফে কেনে সফলতা লাভ কৰে সেয়া সময়তহে দেখা পোৱা যাব।।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.