ETV Bharat / state

একেখন হেলিকপ্টাৰত উঠি নিৰ্বাচনী প্ৰচাৰ ৰিপুন বৰা-আজমলৰ - ripun bora

বিটিচিৰ নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী । নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে এতিয়া শাসক-বিৰোধী বিভিন্ন ৰাজনৈতিক দল। বিটিচিৰ কেইবাটাও সমষ্টিত বুধবাৰে কংগ্ৰেছ আৰু এ আই ইউ ডি এফে যুটীয়াভাৱে চলালে নিৰ্বাচনী প্ৰচাৰ । এক নং পৰ্বতঝৰা পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই ৰিপুন বৰা, আজমল, ৰকিবুল সহ দুই দলৰ কেইবাজনো হাই প্ৰফাইল নেতাই ।

aiduf and congress joint election campaign at btad

author img

By

Published : Dec 2, 2020, 10:23 PM IST

ধুবুৰী, 2 ডিচেম্বৰ : বিটিচিৰ এক নং পৰ্বতঝৰা সমষ্টিৰ দেৱীতোলা অঞ্চলত এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী দিলীপ কুমাৰ ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ হেলিকপ্টাৰ যোগে উপস্থিত হয় প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰা, কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইন, এ আই ইউ ডি এফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমল । নিৰ্বাচনী সভাত ভাষণ প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই বিজেপি, বিপিএফ আৰু ইউ পি পি এলক তীব্র ভাষাৰে সমালোচনা কৰে । লগতে মিত্ৰতা সম্পৰ্কে দলৰ হাই কমাণ্ডে সিদ্ধান্ত ল’ব বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ।

ৰিপুন বৰা

নিৰ্বাচনী সভাত উপস্থিত থাকি কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে কয় যে, এই নিৰ্বাচন কোনো উৎসৱ নহয় এই নিৰ্বাচন অস্তিত্ব ৰক্ষাৰ যুঁজ । আনহাতে, এসময়ৰ সতীৰ্থ তথা বৰ্তমানৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বন্ধু বুলি সম্বোধন কৰি তীব্র বাক্য বাণেৰে আক্ৰমণ কৰে ৰকিবুল হুছেইনে ৷ তেওঁ কয় যে, যোৱা কেইদিনৰ পৰা বিটিচিত অশান্তি সৃষ্টি কৰিবৰ বাবে আহিছে তেওঁৰ একালৰ বন্ধু হিমন্ত বিশ্ব শৰ্মা । যিসকলক বিজেপি, বিপিএফে চাকৰি দিছে সেই সকলে বিজেপি, বিপিএফক ভোট দিয়ক, যাক চাকৰি দিয়া নাই তেওঁলোকে আমাক ভোট দিয়ক বুলিও উল্লেখ কৰে ৰকিবুল হুছেইনে ।

ৰকিবুল হুছেইন

হাগ্ৰামা মহিলাৰী আৰু হিমন্তৰ বাকযুদ্ধৰ প্ৰসংগ উপস্থাপন কৰি ৰকিবুল হুছেইনে কয় যে, কেন্দ্ৰীয় চৰকাৰৰ পিঠাৰ ভাগ বটোৱাৰাৰ নিমিলা অংকৰ বাবে, মেকুৰী, বান্দৰৰ ৰাজনীতি চলিছে । আনহাতে বিটিচিত কোনে চৰকাৰ গঠন কৰে কৰক, কিন্তু ছাবি কংগ্ৰেছৰ হাতত থাকিব বুলি কৈ ২০২১ ত ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন কৰিব বুলি উল্লেখ কৰে ৰকিবুলে । ইপিনে নিৰ্বাচনী সভাত আজমলে ভাষণ প্ৰসংগত কয় যে, বিটিচিত আমি চৰকাৰ গঠন কৰিম বুলি কৈ মাটিৰ পট্টা কোনে নিদিয়ে আমি চাম । মাটিৰ পট্টা দিবই লাগিব । হাগ্ৰামা, ইউপিপিএল আৰু বিজেপিয়ে চিনেমাৰ নিচিনা নাটক কৰিছে বুলি উল্লেখ কৰে এ আই ইউ ডি এফৰ মুৰব্বীজনে । বিজেপি, বিপিএফ আৰু ইউ পি পি এল দলৰ যাকেই ভোট দিয়ক ভোট বিজেপিয়ে পাব বুলি উল্লেখ কৰে আজমলে ।

বদৰুদ্দিন আজমল

উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, উপ দলপতি ৰকিবুল হুছেইন, এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল, বিধায়ক ৱাজেদ আলী চৌধুৰী, বিধায়ক নজৰুল হক, বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি, বিধায়ক নিজানুৰ ৰহমান আৰু এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামকে আদি কৰি কংগ্ৰেছ AIUDFৰ কেইবাজনো হাই প্ৰফাইল নেতাই বিটিচি অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায় ।

লগতে পঢ়ক : হাগ্ৰামা-হিমন্তৰ বাকযুদ্ধ সম্পূৰ্ণ নাটকঃ ইউপিপিএল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.