ETV Bharat / state

অভয়াপুৰীত মিত্ৰদলৰ প্ৰাৰ্থী পূৰ্ণেন্দু বণিক্যৰ নিৰ্বাচনী প্ৰচাৰ - agp candidate campaign

চাপৰৰ নিকটৱৰ্তী ঝাউকুৰাত অভয়াপুৰী দক্ষিণ সমষ্টিৰ মিত্ৰদল অগপৰ প্ৰাৰ্থী পূৰ্ণেন্দু বণিক্যৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । মহাজোঁটৰ প্ৰাৰ্থীগৰাকী কোনো ফেক্টৰ নহয় বুলি মন্তব্য পূৰ্ণেন্দু বণিক্যৰ ।

অভয়াপুৰী দক্ষিণ সমষ্টিত মিত্ৰদলৰ প্ৰাৰ্থী পূৰ্ণেন্দু বণিক্যৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Mar 31, 2021, 1:51 PM IST

বিলাসীপাৰা,৩১ মাৰ্চ: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ ইতিমধ্যে সমাপ্ত হৈছে । সেয়ে এতিয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বাকী থকা সমষ্টিসমূহত চলিছে নিৰ্বাচনী প্ৰচাৰৰ তৎপৰতা । অভয়াপুৰী দক্ষিণ সমষ্টিতো আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজ । অভয়াপুৰী দক্ষিণ সমষ্টিৰ বিভিন্ন প্ৰান্তত মিত্ৰদল অগপৰ প্ৰাৰ্থী পূৰ্ণেন্দু বণিক্যক নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে ।

অভয়াপুৰী দক্ষিণ সমষ্টিত মিত্ৰদলৰ প্ৰাৰ্থী পূৰ্ণেন্দু বণিক্যৰ নিৰ্বাচনী প্ৰচাৰ

সমষ্টিটোৰ বইটামাৰী ব্লকৰ অন্তৰ্গত ঝাউকুৰাত বুধবাৰে নিৰ্বাচনী প্ৰচাৰ চলালে অগপ প্ৰাৰ্থী পূৰ্ণেন্দু বণিক্যয়ে । প্ৰচাৰ সভাত প্ৰাৰ্থীগৰাকীৰ ঘোষণা-তেওঁৰ বাবে মহাজোঁটৰ প্ৰাৰ্থী কোনো ফেক্টৰ নহয় । বণিক্যৰ মতে অভয়াপুৰী সমষ্টিত তেওঁৰ সৈতে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰহে প্ৰতিদ্বন্দ্বিতা হ'ব ।

লগতে পঢ়ক: হোজাইত বিধ্বংসী অগ্নিকাণ্ড

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.